অসম

assam

ETV Bharat / videos

বলি-বিধানৰ পৰিৱৰ্তে উছৰ্গা প্ৰথাৰে চলি আহিছে 250 বছৰীয়া ঐতিহাসিক দেৱী দ'লৰ দুৰ্গা পূজা

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 10:35 AM IST

আমগুৰি, ১১ অক্টোবৰ: শিৱসাগৰৰ নামতিৰ 250 বছৰীয়া ঐতিহাসিক দেৱী দ'লৰ দুৰ্গা পূজাৰ আছে এক সুকীয়া ইতিহাস । আধুনিক জাক-জমকতাৰ পৰিৱৰ্তে বৈদিক নীতি-নিয়মেৰে আড়ম্বৰহীনভাৱে বছৰৰ পিচত বছৰ ধৰি পালন হৈ আহিছে এই দুৰ্গা পূজা । আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত প্ৰায় 1780 ৰ 1794 খ্ৰীষ্টাব্দৰ ভিতৰত নামতিয়াল ভাগৱতী বৰুৱাই প্ৰতিষ্ঠা কৰা নামতি দ'লত যোৱা 250 বছৰে দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে । বলি-বিধান প্ৰথাৰ পৰিৱৰ্তে ইয়াত দেৱীৰ চৰণত বিভিন্ন সম্পদ উৰ্ছগা কৰা হয় । জাগ্ৰত দ'ল হিচাপে পৰিচিত নামতিৰ দেৱীদ'লত বৰাহীবাৰীৰ প্ৰয়াত কমৰেড খগেন বৰবৰুৱাৰ পৰিয়ালে পুৰুষাণুক্ৰমে দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে ।

এই সন্দৰ্ভত কমৰেড খগেন বৰবৰুৱাৰ কন্যাই ইটিভি ভাৰক কয়, ‘‘এই দৌলভাগ স্বৰ্গদেউ গৌৰীনাথ সিংহ দিনত 1780 ৰ 1794 খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰতিষ্ঠা কৰা হৈছিল ৷ লক্ষ্মীনাথ সিংহৰ জীয়ৰী আউদেউ কুঁৱৰীক নামতিয়াল ভাগৱতী বৰুৱালৈ বিয়া দিছিল ৷ নামতিয়াল ভাগৱতী বৰুৱাই এই দৌলভাগ প্ৰতিষ্ঠা কৰিছিল ৷ তেতিয়া ইয়াত মূৰ্তিপূজা হৈছিল আৰু দেৱী দুৰ্গাৰ মূৰ্তিভাগ সোণৰ আছিল ৷ কালক্ৰমত মূৰ্তিভাগ দ’লৰ পৰা চুৰি হয় আৰু পিচত চৰকাৰে মূৰ্তিভাগ উদ্ধাৰ কৰি অসম ৰাজ্যিক সংগ্ৰহালয়ত ৰাখিছে ৷ তেতিয়াৰে পৰা ইয়াত মূৰ্তি প্ৰতিষ্ঠা কৰা হোৱা নাই ৷ ঘট প্ৰতিষ্ঠা কৰি সম্পূৰ্ণ বৈদিক প্ৰথাৰে আমি পূজা কৰি আহিছোঁ ৷ ইয়াত বলি-বিধান নচলে, ইয়াত উছৰ্গা প্ৰথাহে প্ৰচলিত আছে ৷’’

লগতে পঢ়ক: কাজিৰঙাৰ কাকগোঁসানী থানত পৰম্পৰাগত দুৰ্গাপূজা

ABOUT THE AUTHOR

...view details