মৰিয়নীত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংক - Leopard scare in Assam - LEOPARD SCARE IN ASSAM
Published : Jun 15, 2024, 7:00 PM IST
যোৰহাট, ১৫ জুন : যোৰহাট জিলাৰ মৰিয়নীত পুনৰ নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ । মৰিয়নীৰ বাহনি চাহ বাগিচাত শনিবাৰে পুৱা স্থানীয় ৰাইজে এটা নাহৰফুটুকী প্ৰত্য়ক্ষ কৰাৰ পিচতে বাগিচাখনত আতংকই বিৰাজ কৰিছে । পুৱাৰে পৰা আবেলি পৰ্যন্ত বাগিচাখনৰ ১৩ আৰু ১৪ নম্বৰ চেকছনত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি থকাত আতংকিত হৈ পৰিছে শ্ৰমিকসকল ।
ইয়াৰ পিচতেই বাগিচা কৰ্তৃপক্ষই নাহৰফুটুকীৰ মুক্ত বিচৰণৰ বিষয়ে মৰিয়নীৰ বন বিভাগক অৱগত কৰাৰ কিছু সময় পিচতেই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় । বন বিভাগৰ লোকে জুই জ্বলাই আৰু বিভিন্ন পন্থাৰে বাগিচাখনৰ পৰা বাঘটোক খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই । বৰ্তমানেও নাহৰফুটুকীটো বাগিচাখনৰ ভিতৰতে বিচৰণ কৰি থকাৰ সন্দেহ কৰা হৈছে ।
উল্লেখ্য যে বাহনি বাগিচাখনত নাহৰফুটুকীটোৱে মুক্ত বিচৰণ কৰি থকাৰ পিচতেই ৰাইজ মুকলি স্থানলৈ ওলাই আহে । এই বাগিচাখনত আৰু বাঘ থাকিব পাৰে বুলি সন্দেহ কৰিছে ৰাইজে ।