অসম

assam

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 7:43 PM IST

ETV Bharat / videos

শাওণৰ পথাৰত কঠীয়া তুলিলে মন্ত্ৰী মহন্তই - Minister Keshab Mahanta

কলিয়াবৰ,৭ আগষ্ট: শাওণৰ পথাৰত এতিয়া ভীষণ ব্যস্ততা ! মূৰ তুলিবলৈ আহৰি নাই হালোৱা-ৰোৱনীৰ । ইয়াৰ মাজতে শাওণৰ পথাৰত ব্যস্ত হৈ পৰা দেখা গ'ল মন্ত্ৰী কেশৱ মহন্তক । কলিয়াবৰৰ বানাক্ৰান্ত কৃষকৰ বাবে অসম কৃষক পৰিষদৰ কলিয়াবৰ জিলা শাখাই পথাৰত নিজাববীয়াকৈ উৎপাদন কৰা কঠীয়া তুলিলে মন্ত্ৰী কেশৱ মহন্তই । শাওণৰ পথাৰত বহু বছৰৰ বিৰতিৰ পাচত বন্যাৰ্ত কৃষকক কঠীয়া বিতৰণৰ বাবে মন্ত্ৰীগৰাকীয়ে বুধবাৰে পথাৰত নামি সহযোগীৰে সৈতে কঠীয়া তোলে ।  

কলিয়াবৰৰ কেইবাটাও স্থানৰ লগতে ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ সমীপৰ পথাৰত বুধবাৰে বিতৰণ কৰে কঠীয়া । বান-বিধ্বস্ত কলিয়াবৰৰ কৃষকক সকাহ দিবৰ বাবে কলিয়াবৰ কৃষক পৰিষদে লোৱা এই পদক্ষেপৰ ফলত বহু কৃষক লাভাৱান্বিত হৈছে । কলিয়াবৰৰ প্ৰায় ২০ হাজাৰ বিঘা কৃষি পথাৰত কঠিয়া ৰুব পৰাকৈ কলিয়াবৰ কৃষক পৰিষদে কলিয়াবৰৰ কেইবাটাও স্থানত কৃষকক সকাহ দিবৰ বাবে পথাৰত কঠীয়া বিতৰণ কৰে । 

লগতে পঢ়ক: হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন - National Handloom Day

মুখ্যমন্ত্ৰীৰ মতে গুৱাহাটীৰ ভয়ংকৰ বানৰ বাবে জগৰীয়া ইউ এছ টি এম - Himanta Biswa Sarma

ABOUT THE AUTHOR

...view details