বৰপেটাত আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ আৰম্ভ - Drama staged in Barpeta
Published : Feb 4, 2024, 10:49 AM IST
বৰপেটা,৪ ফেব্ৰুৱাৰী: বৰপেটাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান 'মুখা'ৰ উদ্যোগত বৰপেটাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ । নাট্যদলটোৰ ৰূপালী জয়ন্তী উপলক্ষে শনিবাৰৰ পৰা আৰম্ভ হোৱা ৰূপালী জয়ন্তী বৰ্ষৰ অন্তিম কাৰ্যসূচীত বিষ্ণু-জ্যোতি আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহত অসমৰ লগতে বাংলাদেশ, মুম্বাই আৰু চিকিমৰ আগশাৰীৰ নাট্যদলে অংশগ্ৰহণ কৰিছে । আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহত শনিবাৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমে 'ভ্যাসভাৰতম' নাট মঞ্চস্থ কৰে ৷
একেদৰে দেওবাৰে মুম্বাইৰ অংগনা নাট্যদলটোৱে 'লাইচেঞ্চ অভিজ্ঞানম, গুৱাহাটীয়ে গান্ধী vs গডচে, সোমবাৰে গণনাট্য সংঘ, গুৱাহাটীয়ে প্ৰিয়বন্ধু, পূৰ্বৰংগ গুৱাহাটীয়ে সূৰ্য হেনো নামে আইৰ বুকুৱেদি, বিশ্বনাথ চাৰিআলি়ৰ বৰ্ণমে তিনিটা ৰঙীন পখিলা আৰু বাংলাদেশৰ পৰা অহা বিৱৰ্তন যশোৰে বিবাহ প্ৰস্তাৱ নাট মঞ্চস্থ কৰিব ৷
সামৰণি অনুষ্ঠান হিচাপে ৬ ফেব্ৰুৱাৰীৰ নিশা ৰূপাংকিতা পাপৰি শৰ্মাৰ গীতৰ শৰাই আগবঢ়োৱা হ'ব ৷ আটাইকেইদিনৰ কাৰ্যসূচীলৈ বৰপেটাবাসী ৰাইজক আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছে মুখা পৰিয়ালে ।
লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ