অসম

assam

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:18 PM IST

Updated : Feb 15, 2024, 6:46 PM IST

ETV Bharat / videos

বুকুলৈ মাৰি পঠিয়ালে ইটা: পত্নীয়ে আৰু উশাহ ঘূৰাব নোৱাৰিলে

সৰুপথাৰ, ১৫ ফেব্ৰুৱাৰী : এটা হৃদয়বিদাৰক ঘটনা ৷ স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল স্ত্ৰীৰ ৷ বুধবাৰে সন্ধিয়া উৰিয়ামঘাটত সংঘটিত হয় এই হত্যাকাণ্ড । পত্নীক ইটাৰে মৰিয়াই হত্যা কৰে স্বামীয়ে । প্ৰাপ্ত তথ্য অনুসৰি, উৰিয়ামঘাট অঞ্চলৰ জোনাকীপথাৰ গাঁৱৰ উমাকান্ত শইকীয়া (৬২) নামৰ লোকজনে পত্নী সাৱিত্ৰী শইকীয়া (৫৪)ক ইটা মাৰি হত্যা কৰে ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয় বুলি জানিবলৈ দিয়ে তেওঁলোকৰ কন্যাই ৷ কন্যাৰ ভাষ্য মতে, হত্যাৰ দিনা কিবা কথাত দুয়োৰে মাজত তৰ্কাতৰ্কি লাগি আছিল ৷ হঠাতে পিতৃয়ে ইটা এটা লৈ পত্নীৰ ফালে চোঁচা লয় আৰু ইটাটো বুকুলৈ বুলি মাৰি পঠিয়াই ৷ সেই মাৰতে সাৱিত্ৰী শইকীয়াই আৰু উশাহ ঘূৰাই আনিব নোৱাৰে ৷

পূৰ্বেও ঘৰখনত এনেধৰণৰ সংঘাত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । কালি সন্ধিয়া মদ্যপান কৰি উমাকান্ত শইকীয়াই সংঘটিত কৰে এই হত্যাকাণ্ড ৷ ইতিমধ্যে নিশাই আৰক্ষীয়ে হত্যাকাৰী স্বামীক কৰায়ত্ত কৰে । মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : সন্তানক হত্যা কৰি বিচনাৰ তলত লুকুৱাই থ'লে মাতৃয়ে

Last Updated : Feb 15, 2024, 6:46 PM IST

ABOUT THE AUTHOR

...view details