অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / videos

কবি-সাহিত্যিকৰ সহযোগত বন্যহস্তীৰ বাবে শতাধিক কলপুলি ৰোপণ, প্ৰণৱ কুমাৰ বৰ্মনে জনালে বিশেষ আহ্বান - Man Elephant Conflict

তিনিচুকীয়া, ২৫ ছেপ্টেম্বৰ : প্ৰতি বছৰৰ দৰেই ‘কাব্যধ্বনি অসম’ আৰু চিফুং দ্য আৰ্টৰ সৌজন্যত হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ চেষ্টাৰে, তিনিচুকীয়া জিলা কবি সন্মিলনৰ সহযোগত কলপুলি ৰোপণ ৷ বুধবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত কলগছৰ পুলিসমূহ ৰোপণ কৰা হয় ।

হাতী-মানুহৰ সংঘাত প্ৰতিদিনে বৃদ্ধি পাই থকাৰ সময়ত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত শতাধিক কলগছৰ পুলিৰ লগতে, বন্যজন্তুৰ খাদ্যৰ বাবে আম গছৰ পুলি, কঠাল গছৰ পুলি, আহোম বগৰীৰ পুলি ৰোপণ কৰা হয় । বন্যহস্তীৰ খাদ্য কলগছৰ পুলি ৰোপণ কাৰ্যসূচীত বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মন, কাব্যধ্বনি অসমৰ সম্পাদক কবি-সাহিত্যক যোগেশ বিকাশ গগৈ, কবি-সাহিত্যক নিৰূপম গোস্বামী, কবি লক্ষী ফিল'বাৰী, গৱেষক ছাত্ৰ মণ্টু মৰাণ আৰু মঞ্জুলা বড়া উপস্থিত থাকে ।

বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে বন বিভাগক ওখ ওখ শাল, চেগুন গছ ৰোপণ কৰাৰ লগতে বন্য জীৱ-জন্তুৰ বাবে কলগছ, আম, কঠালৰ লগতে অন্যান্য গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : সেউজী পাতৰ মাজে মাজে বৃহৎ বন্যহস্তীৰ জাকৰ মুক্ত বিচৰণ

সঁজাল ধৰা ধাননি গচকি সাং কৰিলে বন্যহস্তীৰ জাকে

হাতী-মানুহৰ সংঘাত নিৰাময়ৰ প্ৰচেষ্টা কৰবেট ফাউণ্ডেশ‍্যনৰ

ABOUT THE AUTHOR

...view details