অসম

assam

ETV Bharat / videos

মৰিয়নীত মানৱ মল নিষ্কাষণ প্ৰকল্প উদ্বোধন - FSTP Project

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 11:05 PM IST

যোৰহাট, ৫ জুলাই : অসমৰ চতুৰ্থ নগৰ হিচাপে মৰিয়নীত শুক্ৰবাৰে মানৱ মল নিষ্কাষণ আৰু পৰিশোধন প্ৰকল্প উদ্বোধন কৰা হয় । মৰিয়নী নগৰত এই প্ৰকল্পটো উদ্ধোধন কৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ।

অসমৰ চতুৰ্থ নগৰ হিচাপে এফ এছ টি পি লাভ কৰে মৰিয়নী পৌৰসভাই । মৰিয়নী পৌৰসভাৰ দুই নং ৱাৰ্ডৰ ভোগদৈ নৈৰ পাৰত ৭৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰকল্পটোত দৈনিক পাঁচ হাজাৰ লিটাৰ মানৱ মল নিষ্কাষণ আৰু পৰিশোধন কৰিব পৰা যাব ।

এই প্ৰকল্প উদ্ধোধন কৰি মন্ত্ৰী অশোক সিংহলে কয় যে প্ৰকল্পটোৰ জৰিয়তে মৰিয়নী নগৰখনক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । লগতে বৈজ্ঞানিক পদ্ধতিৰে জাৱৰ নিষ্কাষণ প্ৰক্ৰিয়া সমগ্ৰ ৰাজ্যত কাৰ্যকৰী হ'ব বুলি তেওঁ কয় । এই উপলক্ষে মৰিয়নী নগৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:বাক্সাৰ ঘাইপথত বিষাক্ত পাৰ্থেনিয়াম; সাৱধানতা অৱলম্বনৰ আহ্বান প্ৰকৃতিপ্ৰেমীৰ - Poisonous Weed Parthenium

পৌৰ নিগমৰ যানশালাত উৱলিছে কোটি টকাৰ সামগ্ৰী - Guwahati Municipal Corporation

 

ABOUT THE AUTHOR

...view details