চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ প্ৰতিবাদত উত্তাল গোলাঘাট - Golaghat news
Published : Feb 6, 2024, 8:42 AM IST
গোলাঘাট, ৬ ফেব্ৰুৱাৰী : অসম চৰকাৰৰ কেবিনেটত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত শিক্ষাদান দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে গোলাঘাট জিলা ছাত্ৰ সন্থা । সোমবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত শ্বহীদ ভৱনৰ সম্মুখত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অভিযান্ত্ৰিক শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ শিক্ষা মাতৃভাষা মাধ্যমত হ'ব লাগে বুলি মতপোষণ কৰিছে তেনে সময়তে অসম চৰকাৰে মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আছুই । অতি শীঘ্ৰে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি দীপ বৰঠাকুৰে ।
লগতে পঢ়ক : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ বিক্ষোভ সমদল