অসম

assam

ETV Bharat / videos

মৰিয়নীত ৰহস্যজনক অৱস্থাত বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ - Mysterious death of forester

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 9:00 PM IST

যোৰহাট, ১৬ মাৰ্চ: যোৰহাট মৰিয়নীৰ চেলেংহাট ষ্টেচনত শনিবাৰে ৰহস্যজনক অৱস্থাত এজন বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ হয় । মৃত বনকৰ্মীজন শিৱসাগৰ জিলাৰ গৌৰীসাগৰ খনামুখৰ ৰাতুল গগৈৰ বুলি জানিব পৰা গৈছে । চৰাইদেউ জিলাৰ বৰহাটৰ কৰ্মস্থলীৰ পৰা ৰে’লেৰে ঘৰলৈ অহা বনকৰ্মীজনে আমগুৰি ষ্টেচনৰ বিপৰীতে নামিছিল মৰিয়নীৰ চেলেংহাট ষ্টেচনত । তেওঁ মৃত্যুৰ পূৰ্বে ফোনযোগে পৰিয়ালক এই বিষয়ে অৱগত কৰাৰ লগতে তামোলে মূৰত ধৰা বুলিও উল্লেখ কৰিছিল ।

কি পৰিস্থিতি তথা পাকচক্ৰত পৰি বনকৰ্মীজনে আমগুৰি ষ্টেচনৰ পৰিবৰ্তে মৰিয়নীৰ চেলেংহাট ষ্টেচন পালেহি সেয়া এতিয়া ৰহস্যৰ বিষয় হৈ পৰিছে । তদুপৰি বনকৰ্মীজনৰ আকস্মিক মৃত্যুক লৈও তেওঁৰ পৰিয়ালৰ লোকৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে ৷ ইফালে চেলেংহাট ষ্টেচনত বনকৰ্মীজন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । বনকৰ্মীজন কি পৰিস্থিতিত আমগুৰি ষ্টেচনৰ পৰিৱৰ্তে অন্য এটা ষ্টেচনলৈ আহি আকাল মৃত্যুক সাবটিলে, সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে স্পষ্ট হ'ব । ইফালে তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাচতহে স্পষ্ট হ'ব মৃত্যুৰ প্ৰকৃত কাৰণ ।

লগতে পঢ়ক: তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details