অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / videos

প্ৰতিশ্ৰুতি দি পাহৰিলে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে - Orang National Park

মঙলদৈ,২৮ ছেপ্টেম্বৰ: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কতৰ্ব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত নিহত ধনমণি ডেকাৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হ'ল । এমাহ পূৰ্বে বিধানসভাৰ অধিৱেশন চলি থকা বাবে আৰু অন্য কিছু ব্যস্ততাৰ বাবে আহিব পৰি নাছিল বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । অধিৱেশন শেষ হ'লেই ধনমণি ডেকাৰ ঘৰলৈ আহিব বুলি বিধানসভাতে উল্লেখ কৰিছিল বন মন্ত্ৰী পাটোৱাৰীয়ে । কিন্তু আজি পৰ্যন্ত এবাৰ খবৰ ল'বলৈ আহৰি নহ'ল বন মন্ত্ৰীগৰাকীৰ ।  

যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ প্ৰকাশ কৰিছে নিহত বনকৰ্মীগৰাকীৰ পৰিয়ালৰ লোকে । আজিও ছিপাঝাৰৰ নগাঁও হাটীমাৰাৰ ধনমণি ডেকাৰ পৰিয়ালটোৰ মাজত কান্দোনৰ ৰোল । কান্দোনত ভাগি পৰিছে নৱ-বিৱাহিত পত্নী, পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক । ওচৰ-চুবুৰীয়াই মন্ত্রী পাটোৱাৰীক ঘৰখনলৈ আহি ৭ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা প্ৰয়াত ধনমণি ডেকাৰ পত্নীক এটি সংস্থাপন দিবৰ বাবে দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: বাঘৰ আক্ৰমণত নিহত বনকৰ্মী : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাৱহ ঘটনা - Orang National Park

ধনমণি ডেকাক আঢ়ৈ ঘণ্টা মুখত লৈ ঘূৰি ফুৰিছিল ওৰাঙৰ বাঘটোৱে - Tiger Attack

ABOUT THE AUTHOR

...view details