অসম

assam

ETV Bharat / videos

নিমাতি ঘাটত জাহাজত খুন্দা গুটীয়া ফেৰীৰ

By ETV Bharat Assamese Team

Published : 8 hours ago

মাজুলী,১০ অক্টোবৰ: নিমাতি ঘাটত পুনৰ দুৰ্ঘটনা । বৃহস্পতিবাৰে যান্ত্ৰিক বিজুতিৰ ফলত মা কামাখ্যা নামৰ গুটীয়া ফেৰীখনে খুন্দা মাৰে ৰৈ থকা এখন জাহাজত । যাৰ ফলশ্ৰুতিত গুটীয়া ফেৰীৰ ওপৰতে বাগৰি পৰে ফেৰীখনত থকা দুচকীয়া বাহনসমূহ । ফেৰীখনত থকা যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিৱেশ সৃষ্টি হয় । এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ফেৰীখনত থকা যাত্ৰীসকল । মা কামাখ্যা নামৰ ফেৰীখনে দিনৰ ১২.৩০ বজাত নিমাতি ঘাটৰ পৰা মাজুলীৰ আফলামুখ ঘাটলৈ আহিবলৈ ঘাট এৰোতেই এই দুৰ্ঘটনা সংঘটিত হয় ।  

বৰ্তমান যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে । মাজুলীৰ জনসাধাৰণৰ দক্ষিণ পাৰৰ লগত সংযোগৰ একমাত্ৰ মাধ্যম এই ফেৰী সেৱা । ফেৰী সেৱা বন্ধ হৈ পৰিলেই গৃহবন্দী হৈ পৰে মাজুলীৰ জনতা । নদীৰ মাজত ফেৰী আৱদ্ধ হোৱাকে আদি কৰি এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈ থকাৰ ফলত যাত্ৰীসকল শংকাৰ মাজত দৈনিক পৰাপাৰ হ'বলগীয়া হৈছে । 

লগতে পঢ়ক: নামনি অসমৰ পৰা উজনিলৈ কোনোপধ্যেই নপঠায় শ্ৰমিক; হুংকাৰ সংখ্যালঘু ৰাইজৰ

কাজিৰঙাৰ কাকগোঁসানী থানত পৰম্পৰাগত দুৰ্গাপূজা

ABOUT THE AUTHOR

...view details