ETV Bharat / state

নষ্টালজিক হ'ব খোজে যদি আহক এইখন পূজা মণ্ডপলৈ

Durga Puja 2024: নগাঁৱৰ এখন ব্যতিক্ৰমী পূজা মণ্ডপ । পূজা মণ্ডপত প্ৰৱেশ কৰিলেই নষ্টালজিক হৈ পৰিব আপুনি ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

nagaon puja pandal brings nostalgia childhood memories
নষ্টালজিক হ'ব খোজে যদি আহক এই পূজা মণ্ডপলৈ (ETV Bharat Assam)

নগাঁও,১০ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱক লৈ চৌদিশে বিৰাজমান উখল-মাখল পৰিৱেশ । বিভিন্ন প্ৰান্তত ব্যতিক্ৰমী তথা আটকধুনীয়া পূজা মণ্ডপ নিৰ্মাণেৰে চলিছে ভক্তক আকৰ্ষণ কৰাৰ এক অঘোষিত প্ৰতিযোগিতা । ব্যতিক্ৰম নহয় নগাঁও । নগাঁৱতো কৰবাত যদি অলিম্পিক অনুষ্ঠিত হোৱা পেৰিছৰ আইফেল টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ, আন ক'ৰবাত আকৌ ভক্তক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী চিন্তাধাৰাৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ।

এনে এক ব্যতিক্ৰমী চিন্তাধাৰাৰেই পূজা মণ্ডপ নিৰ্মাণ কৰি চৰ্চা লাভ কৰিছে নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতি । নগাঁও চহৰৰ খ্ৰীষ্টীয়ান পট্টিত হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে আয়োজন কৰা পূজা মণ্ডপত প্ৰৱেশ কৰিলেই নষ্টালজিক হৈ পৰিব ৮০ অথবা ৯০ দশকৰ প্ৰতিগৰাকী ব্যক্তি । কিয়নো এই পূজা মণ্ডপৰ ভিতৰত দাঙি ধৰা হৈছে ৮০ অথবা ৯০ দশকৰ বহু প্ৰতিচ্ছবি ।

তাহানিৰ জনপ্ৰিয় ককাদেউতা, নাতি আৰু হাতীৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো সদস্যই একেলগে বহি ৰেডিঅ'ত বাতৰি অথবা বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠান উপভোগ কৰা, ম'ৱাইল, ইন্টাৰনেটত ব্যস্ত থকাৰ বিপৰীতে চাইকেল চলাই অথবা সমনীয়াৰ সৈতে বিভিন্ন খেল-ধেমালীৰে শৈশৱ উপভোগ কৰালৈ, ব্লেক এণ্ড হোৱাইট টিভিৰ পৰা গৰুগাড়ী, পি চি অ' লৈ সকলো উপস্থাপন কৰা হৈছে নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিৰ পূজা মণ্ডপত ।

নগাঁৱৰ হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে ব্যতিক্ৰমী চিন্তাৰে আয়োজন কৰা পূজা মণ্ডপে ৮০ অথবা ৯০ দশকৰ প্ৰতিগৰাকী ব্যক্তিকেই নষ্টালজিক কৰি তোলাৰ উপৰিও বৰ্তমানৰ নতুন প্ৰজন্মকো আপ্লুত কৰি তুলিছে ।

লগতে পঢ়ক: ৰাজ্যৰ আকাশে-বতাহে দশভূজা দেৱী দুৰ্গাৰ জয়গান, উখল-মাখল ৰাজ্য

ৰাইজক পূজাথলীৰ পৰাই আধ্যাত্মিক হ'বলৈ আহ্বান হিতেন্দ্ৰ নাথ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.