প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত ডিমা হাছাওত বিস্তৰ ক্ষয়-ক্ষতি - Rain And Hailstorm In Dima Hasao
Published : Mar 27, 2024, 1:37 PM IST
হাফলং 27 মাৰ্চ: ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টি ৷ ধুমুহা-শিলাবৃষ্টিৰ ফলত ডিমা হাছাও জিলাত ব্যাপক ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে । বছৰৰ প্ৰথমজাক বৰষুণৰ তাণ্ডৱত ডিমা হাছাও জিলাৰ খেপৰে আৰু ওয়াজাও অঞ্চলত বহু ঘৰ ভাঙি পৰে বুলি জানিবলৈ পৰা গৈছে ।
অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ মাইবাং মহকুমাৰ অন্তৰ্গত খেপৰে আৰু ওয়াজাও মিলি প্ৰায় 8 খন গাঁও প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ব্যাপকভাবে ক্ষতিগ্ৰস্ত হৈছে । প্ৰচণ্ড ধুমুহাৰ ফলত মানুহৰ ঘৰত আৰু পথৰ কাষত বহু বৃহৎ গছ বাগৰি পৰে ৷
লনগাঁৱৰ ওয়াজাও খেপৰে বজাৰ লংগাওক্ৰ’ কাউঠিয়াবাৰী, কলাইদিছা, প্ৰসাদিমিক আৰু বংকাই আদি গাঁৱবোৰ প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টিৰ ফলত ব্যাপকভাবে ক্ষতিগ্ৰস্ত হৈছে । ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য বিশ্বজিত দাওলাগাপু আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ শীৰ্ষ বিষয়াসকল ক্ষতিগ্ৰস্ত গাঁওবোৰত উপস্থিত হৈছে ।
লগতে পঢ়ক: ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: সদৰী কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই - NORTH EAST WEATHER FORECAST