অসম

assam

লখিমপুৰত নাট্যসন্ধ্যাত শ্মশান যাত্ৰা

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 3:34 PM IST

লখিমপুৰৰ কুমাৰকটাৰ সূৰ্যমুখী যুৱক সংঘ

লখিমপুৰ, ২১ জানুৱাৰী: লখিমপুৰত মইনা পাৰিজাতক সহায় কৰিবলৈ আগবাঢ়ি আহিছে সূৰ্যমুখী যুৱক সংঘ । শিশু- কিশোৰ আদিৰ ওমলা আৰু প্ৰতিভা বিকাশৰ মঞ্চ মইনা পাৰিজাতে শিশুৰ প্ৰতিভা বিকাশৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰে । এনে পবিত্র মঞ্চ এখনক সহায় কৰিবলৈ লখিমপুৰত আগবাঢ়ি আহিছে এই যুৱক সংঘ । যুৱক সংঘটোৱে নাট্য ৰজনী অনুষ্ঠিত কৰি তাৰ ৰাহি ধনেৰে মইনা পাৰিজাতক সহায় কৰিবলৈ আদৰণীয় পদক্ষেপ গ্রহণ কৰিছে ।  

এই যুৱক সংঘটো হ'ল লখিমপুৰ নগৰৰ সমীপৰ কুমাৰকটাৰ সূৰ্যমুখী যুৱক সংঘ । কুমাৰকটা সূৰ্যমুখী যুৱক সংঘৰ সৌজন্যত 'পীতাম্বৰ ম‌ইনা পাৰিজাতৰ' সাহাযাৰ্থে ২২ জানুৱাৰীত কুমাৰকটা ৰঙ্গমঞ্চত এটি নাট্যসন্ধ্যাৰ আয়োজন কৰা হৈছে । উক্ত নাট্যসন্ধ্যাটোত কুমাৰকটা সূৰ্যমুখী যুৱক সংঘ‌ই নিবেদন কৰিব নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্যৰ 'শ্মশান যাত্ৰা'। উক্ত নাট্যসন্ধ্যাটিৰ ৰাহি ধন আগবঢ়োৱা হ'ব পীতাম্বৰ মইনা পাৰিজাতলৈ । সকলো নাট্যপ্ৰেমী ৰাইজৰ একান্ত উপস্থিতি কামনা কৰি উদযাপন সমিতিৰ সম্পাদক বিপ্লৱ শ‌ইকীয়াই সকলোকে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে ।

লগতে পঢ়ক:নিচুকনি গীত শুনি নিদ্ৰাত পৰিব ভগৱান ৰাম লালা

ABOUT THE AUTHOR

...view details