অসম

assam

ETV Bharat / videos

বাঁহভঙা পৰ্বৰে সামৰণি পৰিল কালাগ দৌল মহোৎসৱৰ সুঁৱেৰি - Doul Mahotsav In Nalbari - DOUL MAHOTSAV IN NALBARI

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 1:53 PM IST

নলবাৰী : ২৭ মাৰ্চ: ঘুনুচাৰ গৃহৰ পৰা প্ৰভু শ্ৰীকৃষ্ণই নিজ গৃহলৈ অহাত লক্ষ্মী আইৰ সমৰ্থকে ভলুকা বাঁহেৰ বাধা প্ৰদান কৰাত শ্ৰীকৃষ্ণৰ সমৰ্থকে সেই বাধা ভাঙি স্ব-গৃহলৈ আহিছিল । সেই বাঁহভঙা পৰ্বৰে নলবাৰীৰ ঐতিহাসিক বৰভাগৰ কালাগ দৌল উৎসৱত পালিত হৈ আহিছে সুৱেৰি উৎসৱ । তিনিদিনীয়াকৈ অনুষ্ঠিত বৰভাগৰ কালাগ দৌল মহোৎসৱৰ মঙলবাৰে সুXৱেৰি উৎসৱেৰে সামৰণি পৰে ।  

এই ঐতিহ্যমণ্ডিত কালাগ দৌল মহোৎসৱৰ বাঁহভঙা পৰ্ব প্ৰত্য়ক্ষ কৰিবলৈ দূৰ দূৰণিৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাগম হয় । এইবেলিও সহস্ৰাধিক লোকৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশেৰে কলীয়াবাবাৰ স্ব-গৃহ যাত্ৰা অনুষ্ঠিত হয় । শ্ৰীকৃষ্ণৰ গৃহ যাত্ৰাত আটচবাজীৰ লগতে ভক্তৰ প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰে বৰভাগ অঞ্চল ।

লগতে পঢ়ক:লোকাৰণ্য অগ্নিশালা দৌল মহোৎসৱস্থলী - Doul Mahotsav In Nalbari

ABOUT THE AUTHOR

...view details