অসম

assam

ETV Bharat / videos

ভোটগণনাৰ বাবে সাজু ডিমা হাছাও জিলা প্ৰশাসন - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : May 31, 2024, 10:08 PM IST

হাফলং 31 মে’ : চাৰি জুনৰ ভোটগণনাৰ বাবে সাজু হৈ উঠিছে ডিমা হাছাও জিলা প্ৰশাসন ৷ শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি ডিমা হাছাওৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সীমান্ত কুমাৰ দাসে ভোটগণনাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু বুলি উল্লেখ কৰে ৷ ডিফু লোকসভা সমষ্টিৰ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা হ’ব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ৷ হাফলং বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব হাফলং জিলা আয়ুক্ত কাৰ্যালয়ত ৷

হাফলং বিধানসভা সমষ্টিৰ ভোটগণনা 4 জুন পুৱা 8 বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হব ৷ তেওঁ জানিবলৈ দিয়ে যে, 14 খন টেবুলত 19 টা ৰাউণ্ডত হাফলং বিধানসভা সমষ্টিৰ ভোটগণনা হ’ব ৷ ভোটগণনাৰ বাবে ইতিমধ্যে চুপাৰভাইজাৰ আৰু দুগৰাকী মাইক্ৰ অবজাৰভাৰ নিয়োগ কৰা হৈছে ৷ লগতে কাউন্টিং অৱজাৰভাৰ হিচাবে উত্তৰ প্ৰদেশ চিভিল চাৰ্ভিছৰ এজন বিষয়া শনিবাৰে হাফলঙত আহি উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে তেওঁ ৷  

ভোটগণনা সম্পন্ন কৰাৰ বাবে ডিমা হাছাও জিলাৰ সকলো সাংবাদিকৰ সহযোগিতা কামনা কৰি জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে কয় যে, যি সকল সাংবাদিকক ভাৰতৰ নিৰ্বাচন আয়োগে পৰিচয় পত্ৰ প্ৰদান কৰিছে তেওঁলোক কাউন্টিং হলৰ তলত থকা মিডিয়া চেণ্টাৰলৈ আহিব পাৰিব ৷ সাংবাদিকসকলৰ বাবে মিডিয়া চেণ্টাৰত ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি টিভি আৰু সকলো যাৱতীয় সুবিধা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে ৷

লগতে পঢ়ক : 4 জুনলৈ সাজু শোণিতপুৰ জিলা প্ৰশাসন - LOK SABHA ELECTION 2024

ABOUT THE AUTHOR

...view details