এখন জৰাজীৰ্ণ বাঁহৰ দলঙেই শেষ ভৰষা টিংখাঙৰ কাকৱনি গাঁওবাসীৰ - মন্ত্ৰী বিমল বড়া
Published : Feb 25, 2024, 6:58 AM IST
ডিব্ৰুগড়, 25 ফেব্ৰুৱাৰী : দেশৰ পাঁচখন উন্নয়ন ৰাজ্যৰ তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এখনৰ পাচত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । তেনে সময়তে পোহৰলৈ আহিছে টিংখাঙৰ এখন গাঁৱৰ ৰাইজৰ দুৰ্দশা ছবি ।
কেইডালমান বাঁহৰ ওপৰতে নিৰ্ভৰ কৰি কৰিবলগীয়া হৈছে বিপদসংকুল যাত্ৰা । যিকোনো মুহূৰ্ততেই ঘটিব পাৰে অঘটন । কিয়নো টিংখাং সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত কাকৱনি গাঁৱৰ দিকচাম নদীৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে ৰাইজে মৰণত শৰণ দি কৰি আহিছে যাতায়ত ।
স্থানীয় ৰাইজে উক্ত স্থানত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পাচতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই । এই অভিযোগ স্থানীয় ৰাইজৰ ৷ ৰাইজৰ অভিযোগ অনুসৰি ইতিপূৰ্বে বিভাগীয় অভিযন্তা আহি দলঙৰ জোখমাপ লৈ গৈছিল যদিও আজি পৰ্যন্তহে নিৰ্মাণ নহ’ল দলংখন ৷
উপায়ন্তৰ হৈ ৰাইজৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে অতি শীঘ্ৰে এখন স্থায়ী দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনাইছে ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত টিংখাঙত বিধায়ক তথা মন্ত্ৰী বিমল বড়াই কেতিয়া ৰাইজৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ ব্যৱস্থা ল'ব সেয়াহে হ’ব লক্ষ্যণীয় ৷
লগতে পঢ়ক : অমৃত কালত এডাল বাঁহৰ সাঁকোৱে শেষ ভৰসা ছৈখোৱাবাসীৰ