বেদখলকাৰীক উচ্ছেদৰ পাছত কচুতলীত উলহ মালহেৰে কালী পূজা - KALI PUJA 2024
Published : Oct 31, 2024, 10:01 PM IST
হায়দৰাবাদ: কচুতলী অঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে হিন্দু ধৰ্মাৱলম্বী লোকসকলে বৃহস্পতিবাৰে অনুষ্ঠিত কৰে কালী পূজা । কিন্তু কালী পূজালৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাতে মঙলবাৰে নিশা একাংশ দুৰ্বৃত্তই মণ্ডপৰ কাপোৰ আৰু বেনাৰ ফালি পেলাইছিল । দলিয়াই পেলাইছিল ধৰ্মধ্বজা । তাৰ পাছতে বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু স্থানীয় দল-সংগঠনৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷
পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত দাখিল কৰা হয় এজাহাৰ ৷ এইবোৰ ঘটনাৰ পাছত আজি জাক-জমকতাৰে কচুতলীত আয়োজিত হয় কালী পূজা । পাৰকুমাৰ কালী মন্দিৰ প্ৰাংগণত ঢাক-ঢোল, নাগাৰা নাম আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণত সমগ্ৰ পৰিৱেশটি উৎসৱমুখৰ হৈ পৰে । কচুতলীৰ ১১১ টা হিন্দুধৰ্মৰ পৰিয়ালৰ লগতে ডিমৰীয়াৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে কালীপূজাত অংশগ্ৰহণ কৰি মা কালীৰ শ্ৰীচৰণত মূৰ দোঁৱাই আশিস লয় ।
লগতে পঢ়ক : কোনে অনিষ্ট সাধিলে কচুতলীৰ কালী পূজাত ?