অসম

assam

ETV Bharat / videos

চকুৰ সন্মুখতে নৈৰ বুকুত বিলীন অংগনৱাড়ী কেন্দ্ৰ - Beki River Erosion

By ETV Bharat Assamese Team

Published : 4 hours ago

জনীয়া, ৬ অক্টোবৰ: বিগত কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত কলগাছিয়াৰ সাওৰাচৰা গাঁৱত আৰম্ভ হৈছে বেকী নৈৰ বিধ্বংসী খহনীয়া । শনিবাৰে বিয়লিত খহনীয়াই কালৰূপ ধাৰণ কৰি চকুৰ সন্মুখতে উটুৱাই লৈ গ'ল এটা অংগনৱাড়ী কেন্দ্ৰ । কলগাছিয়াৰ ৰূপসী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ২২৬ নং অংগনৱাড়ী কেন্দ্ৰটো এইদৰে নৈৰ বুকুত জাহ যোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

বেকীৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত অঞ্চলটোৰ শ শ বিঘা খেতি মাটিৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ নৈৰ বুকুত ইতিমধ্য়ে জাহ গৈছে । এইদৰে চপৰা-চপৰে ভেটি মাটি খহি যোৱাৰ পিচতো যেন ভুক্তভোগীৰ খবৰ ল'বলৈ আহৰি নাই স্থানীয় সাংসদ, বিধায়কৰ ।  

ইপিনে, বালিকুৰি, জনতা, পাগলা বাজাৰ, সাওৰাচৰা, জাউৰীমাৰি আদি অঞ্চলতো আৰম্ভ হৈছে বেকীৰ খহনীয়া । সেয়েহে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে অসমৰ এইখন ইতিহাস প্ৰসিদ্ধ চহৰলৈ - EROSION OF BRAHMAPUTRA

কলিয়াভোমোৰা দলঙলৈ অশনি সংকেত মাতিছে বৰলুইতৰ খহনীয়াই - Koliabhomora Bridge

ABOUT THE AUTHOR

...view details