ছিপাঝাৰত পুতি থোৱা মৃতদেহ পুনৰ উলিয়াই আনিলে প্ৰশাসনে ! - WOMAN BODY BURIED UNCEREMONIOUSLY
Published : Nov 8, 2024, 7:25 PM IST
মঙলদৈ : দৰং জিলাৰ ছিপাঝাৰত চাঞ্চল্যকৰ ঘটনা । ৪ দিনৰ পিছত গাঁতৰ পৰা উলিয়াই অনা হ'ল এগৰাকী মহিলাৰ মৃতদেহ । দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উলিয়াই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিলে প্ৰশাসনে । কিন্তু সৎকাৰ কৰা মৃতদেহ কিয় উলিয়াই আনিলে প্ৰশাসনে ! আচলতে যোৱা ৪ নৱেম্বৰত পিঠাখোৱাপাৰাৰ এগৰাকী ৰোগাক্ৰান্ত হিন্দু অবিবাহিত মহিলাৰ মৃত্যু হৈছিল । কিন্তু মহিলাগৰাকীৰ পৰিয়ালটোৱে মৃতদেহটো শ্মশানলৈ লৈ যোৱা নাছিল ।
পৰিয়ালটোৱে অভিযোগ কৰা মতে স্থানীয় লোক আৰু খেলৰ সহযোগিতা নোপোৱাৰ বাবে তেওঁলোকে হিন্দু ৰীতি-নীতি সম্পন্ন নকৰাকৈ মৃতদেহটো পুতি থৈছিল । এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছতে দৰং জিলা প্ৰশাসনে হস্তক্ষেপ কৰে ।
অৱশেষত শুকুৰবাৰে ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীশ লিপি মণি দাসৰ লগতে আৰক্ষী, ভুক্তভোগী আৰু ৰাইজৰ উপস্থিতিত পুনৰ পুতি থোৱা মৃতদেহটো উলিয়াই অনা হয় । ইফালে মৰণোত্তৰ পৰীক্ষাৰ পিছত পুনৰ হিন্দু ধৰ্মীয় ৰীতি-নীতিৰে মহিলাগৰাকীৰ মৃতদেহটো সৎকাৰ কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে ।
লগতে পঢ়ক :মৃত সন্তানক সুস্থ কৰিবলৈ ৩০ কিলোমিটাৰ দূৰলৈকে চোঁচৰাই নিলে শুৰেৰে