অসম

assam

মৃত্যুদূতৰূপী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ; ২ দিনত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু - Road accident

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 7:17 AM IST

মৃত্যুদূতৰূপী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ (ETV Bharat)

দৰং, ১ ছেপ্টেম্বৰ : মৃত্যুদূতত পৰিণত হৈছে দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । এটাৰ পিচত আন এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথটোত । বিগত দুদিনত ৰাষ্ট্ৰীয় ঘাইপথটোত সংঘটিত দুৰ্ঘটনাত প্ৰায় ৫ গৰাকী লোকে অকাল মৃত্যুক সাৱটিছে । শুকুৰবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱা দুগৰাকী মহিলাক ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পিপৰাদোকানৰ সমীপত বাহনে খুন্দিয়াই থৈ যায় । ফলত দুয়োগৰাকী মহিলাৰে মৃত্যু হয় ।

তাৰ পিচত দুপৰীয়া ছিপাঝাৰ বিজুলীবাৰীত পুনৰ অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় ৰঞ্জুৱাৰা বেগম নামৰ এগৰাকী যুৱতীক । শনিবাৰে জিলাখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ টাকৈ স্থানত দুৰ্ঘটনা সংঘটিত হয় । য'ত প্ৰায় ১০ গৰাকী লোক আহত হোৱাৰ লগতে দুগৰাকী মহিলা নিহত হয় । জানিব পৰা মতে, দুমুনিচকীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত দুয়োখন ট্ৰাকৰে চালক আহত হয় ।

ইফালে পিপৰাদোকানৰ পেট্ৰল পাম্পৰ সন্মুখত মঙলদৈৰ পৰা ছিপাঝাৰ অভিমুখে গৈ থকা দুখন বাইক দুৰ্ঘটনাত পতিত হয় । য'ত ৪ জন যুৱক গুৰুতৰভাৱে আহত হয় । আনহাতে ধূলাত এখন বাইকৰ খুন্দাত অচিনাকি মহিলাৰ মৃত্যু হয় । বাইক আৰোহীও গুৰুতৰভাৱে আহত হয় । ইফালে নিশা পুনিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা সংঘটিত হয় । য'ত চেঙেলীয়া পাৰাৰ মঞ্জুলা ডেকা শইকীয়া নামৰ এগৰাকী মহিলা থিতাতে নিহত হয় ।

লক্ষণীয়ভাৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হোৱাত এতিয়া শংকিত হৈ পৰিছে জিলাখনৰ ৰাইজ । ৰাইজৰ পুনৰ এবাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিনেলযুক্ত কৰাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :প্ৰাতঃভ্ৰমণলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে দৰঙৰ দুই মহিলাই

ABOUT THE AUTHOR

...view details