অসম

assam

ETV Bharat / videos

আলু-পিঁয়াজৰ মালা পিন্ধি মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : 4 hours ago

শিৱসাগৰ : সমাগত উপ-নিৰ্বাচন । নিৰ্বাচনক লৈ সকলো ব্যস্ত হৈ থকাৰ মাজতে বজাৰত প্ৰায় প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক উদ্বিগ্ন কৰি তুলিছে । শাক-পাচলিৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলা-কলা খুৱাইছে । কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰ তথা যোগান বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে বিৰোধী দল কংগ্ৰেছে । যাৰ বাবে ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শতাধিক কংগ্ৰেছ নেতা-কৰ্মী ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ ৰাজীৱ ভৱনৰ পৰা জিলা কংগ্ৰেছে এক প্ৰতিবাদী সমদল উলিয়ায় । হাতে হাতে প্লে'কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । এই প্ৰতিবাদৰ জৰিয়তে শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাই কংগ্ৰেছ কৰ্মীসকলে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিবলৈ নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীক পদত্যাগ কৰিবলৈও কংগ্ৰেছে দাবী জনায় ।

লগতে পঢ়ক :উৎসৱৰ বতৰত অত্যধিক মহঙা হ’ল সোণ, প্ৰথমবাৰৰ বাবে ৮০ হাজাৰ টকাৰ ঘৰ অতিক্ৰম, আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানি লওক

ABOUT THE AUTHOR

...view details