অসম

assam

ETV Bharat / videos

বিহালী পুৰাণ: টিকট পায়েই বিশ্বনাথ জিলা কংগ্ৰেছ সভাপতিৰ আশীৰ্বাদ ল’লে জয়ন্ত বৰাই - ASSAM BYE ELECTION 2024

By ETV Bharat Assamese Team

Published : Oct 24, 2024, 5:57 PM IST

Updated : Oct 24, 2024, 10:18 PM IST

বিশ্বনাথ: শোণিতপুৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত আজি কংগ্ৰেছ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰিয়েই প্ৰায় অৰ্ধ শতাধিক সমৰ্থকক লগত লৈ জয়ন্ত বৰা উপস্থিত হয় বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ ঘৰত । দিলীপ বৰুৱাক তেওঁৰ বাসগৃহত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাই চৰণত ধৰি বিচাৰিলে আশীৰ্বাদ । তাৰ পিছতে বৰাৰ লগত আলোচনাত মিলিত হয় দিলীপ বৰুৱা ।

উল্লেখ্য যে জয়ন্ত বৰাক বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল সভাপতি দিলীপ বৰুৱাই । ইয়াৰ পৰিবৰ্তে তেওঁ সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল ৷ ইয়াৰ পাছত বুধবাৰে নিশা কংগ্ৰেছ দলৰ নেতৃত্বই জয়ন্ত বৰাক সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা পাছত আজি দিলীপ বৰুৱাৰ ঘৰত উপস্থিত হৈ তেওঁৰ সৈতে আলোচনাত মিলিত হয় । 

এই আলোচনাৰ পিছত জয়ন্ত বৰাই সংবাদ মাধ্যমৰ আগত ২০২৬ চনত বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা দিলীপ বৰুৱা পুত্ৰ সঞ্জু বৰুৱাক টিকট পোৱা ক্ষেত্ৰত সহযোগিতা কৰিম বুলি উল্লেখ কৰি কোনো দলীয় বিসম্বাদ নাই বুলি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক: জয়ন্ত বৰাক টিকট দিলে মুণ্ডন কৰিব জিলা সভাপতিয়ে

বিজেপি এৰি অৱশেষত 'কংগ্ৰেছী' হ'ল জয়ন্ত বৰা

Last Updated : Oct 24, 2024, 10:18 PM IST

ABOUT THE AUTHOR

...view details