অসম

assam

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 6:47 PM IST

ETV Bharat / videos

সমগ্ৰ ভাৰতবৰ্ষই প্ৰধানমন্ত্ৰী মোদীৰ পৰিয়াল: হিমন্ত বিশ্ব শৰ্মা

বঙাইগাঁও, 5 মাৰ্চ: প্ৰধানমন্ত্ৰী মোদীৰ পৰিয়াল নাই আৰু তেওঁ প্ৰকৃত হিন্দু নহয় বুলি লালু প্ৰসাদ যাদৱে কৰা মন্তব্যই প্ৰভাৱ পেলালে সামাজিক মাধ্যমৰ কেতবোৰ পেইজ-একাউণ্টত ৷ প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীক কটাক্ষ কৰিবলৈ গৈ আৰ জে ডিৰ সভাপতিগৰাকীয়ে কৰা উক্ত মন্তব্যৰ পিচতে সামাজিক মাধ্যমৰ পৃষ্ঠাত বিজপি নেতাৰ নামৰ পিচত লাগিল ‘Modi Ka Parivar’ ৷ এই সন্দৰ্ভত বঙাইগাঁৱত মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নিজৰ পৰিয়াল নাই, কিন্তু সমগ্ৰ ভাৰতবৰ্ষই মোদীৰ পৰিয়াল ৷ মোদীৰ পৰিয়ালৰ সদস্য হিচাবে গৌৰৱ অনুভৱ কৰা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে মাতৃৰ বিয়োগৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে চুলি আৰু দাড়ি নকটোৱাৰ কথা কৈ তেওঁ প্ৰকৃত হিন্দু নহয় বুলি লালু প্ৰসাদ যাদৱে পাটনাৰ এখন সভাত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ তেওঁ কয় যে হিন্দুৰৰ বিৰুদ্ধে কথা কৈ কৈ লালু প্ৰসাদ যাদৱে হিন্দুত্ব পাহৰি গৈছে ৷ হিন্দু সংস্কৃতিৰ বিষয়ে লালু প্ৰসাদ যাদৱৰ যি জ্ঞান আছিল সকলো এতিয়া শেষ হৈ গ’ল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

আনহাতে ভূপেন বৰালৈ CID য়ে চমন দিয়াৰ সন্দৰ্ভত কয়, ‘‘যেতিয়া মানুহে আইন ভংগ কৰে, তেওঁলৈ চমন যাবই ৷ ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰৰ পিচত ৰাহুল গান্ধীলৈও যাব চমন ৷ নিৰ্বাচনৰ পিচতে ৰাহুল গান্ধী অসমলৈ আহিব লাগিব ৷’’

লগতে পড়ক: আমি মোদী পৰিয়ালৰ অংশ, লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ নতুন প্ৰচাৰ

ABOUT THE AUTHOR

...view details