গোগামুখত দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে - Mising Autonomous Council
Published : Feb 7, 2024, 10:54 PM IST
ধেমাজি, 7 ফেব্ৰুৱাৰী: বুধবাৰে ধেমাজি জিলাৰ গোগামুখৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ গ্ৰাম্য জীৱন জীৱিকা গৱেষণা কেন্দ্ৰৰ চৌহদত অসমৰ দ্বিতীয়খন শ্ৰমিকৰ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধনী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্দেশ্য হৈছে উত্তৰ অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক ব্যৱসায়িকভাৱে কাৰিকৰী শিক্ষাৰে দক্ষ কৰি তোলাৰ লগতে সংস্থাপিত কৰা ৷
সেই উদ্দেশ্যে প্ৰতিমাহে চাৰি শতাধিক যুৱক যুৱতীয়ে ক্ৰমে পকা মিস্ত্ৰী, প্লামবাৰ , টাইলচৰ মিস্ত্ৰী আদি পাঁচটা বিভাগত তিনিমহীয়া প্ৰশিক্ষণ আৰম্ভ হ’ব৷ অসমৰ দক্ষতা বিভাগ শ্ৰম আৰু L &T ৰ ইতিমধ্যে বুজাবুজিৰ এক চুক্তিত স্বাক্ষৰ কৰিছে ।
মুখ্যমন্ত্ৰীগৰাকীক মিছিং জনগোষ্ঠী নৃত্যৰে আদৰণি জনোৱা হয় ৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষান, লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ লগতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ।
লগতে পঢ়ক: ৰাজ্যত আছে তিনি সহস্ৰাধিক সুৰাৰ দোকান