অসম

assam

চিৰাঙত মেলেৰিয়া আক্ৰান্ত ৰোগীৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি - Malaria cases in Assam

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:44 AM IST

Updated : Aug 1, 2024, 11:58 AM IST

জিলা মেলেৰিয়া বিষয়াৰ মেলেৰিয়া সন্দৰ্ভত তথ্য প্ৰদান (ETV Bharat Assam)

চিৰাং, ১ আগষ্ট : চিৰাঙত বৃদ্ধি পাইছে মেলেৰিয়াৰ প্ৰকোপ । জিলাখনত মেলেৰিয়াত আক্ৰান্ত হৈছে ৮৭ জন লোক । আনহাতে, জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৩ আৰু ডেংগুত আক্ৰান্ত ৩ জন লোক । ইয়াৰে ডেংগু আৰু এনকেফেলাইটিছত আক্ৰান্তসকলে আৰোগ্য লাভ কৰাৰ লগতে মেলেৰিয়াত আক্ৰান্তৰো অধিকাংশই আৰোগ্য লাভ কৰিছে । এই তথ্য চিৰাং জিলা মেলেৰিয়া বিষয়াৰ ।

চিৰাং জিলা মেলেৰিয়া বিষয়া ৰবীন চন্দ্ৰ বড়োৱে কয়, "মেলেৰিয়াত ৮৭ জন লোক আক্ৰান্ত হৈছে যদিও তাৰে বেছিভাগেই সুস্থ হৈ উঠিছে । লগতে কিছুসংখ্যক ৰোগীক ঘৰতে বিভাগীয়ভাৱে চিকিৎসা প্ৰদান কৰা হৈছে । ৮৭ জন মেলেৰিয়া ৰোগীৰ ৫৯ জন পি ভি আৰু ২৮ জন পি এফ বুলি চিনাক্ত কৰা হৈছে ।"

তেওঁ লগতে কয়, "জিলাখনৰ ভূটান সীমান্তৰ শান্তিপুৰ, ৰুণীখাতা আৰু গৰুভাষা অঞ্চলত মেলেৰিয়া আক্ৰান্তৰ সংখ্যা অধিক । মেলেৰীয়া প্ৰতিৰোধৰ বাবে জিলা মেলেৰিয়া নিয়ন্ত্ৰণ বিভাগে সজাগতাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰিবলৈ ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰে ।" আনহাতে, পৰ্যাপ্ত পৰিমাণে ঔষধযুক্ত আঁঠুৱা চৰকাৰৰ পৰা বিচাৰিছিল যদিও এতিয়ালৈকে নোপোৱাত ঘৰুৱা আঁঠুৱাবোৰকে ডেল্টা মেথ্ৰিন ঔষধেৰে ঔষধযুক্ত কৰা বুলি তেওঁ জনায় । লগতে জিলাখনত এতিয়াও মেলেৰিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই বুলিও জিলা মেলেৰিয়া বিষয়া ৰবীন চন্দ্ৰ বড়োৱে জনায় ।

লগতে পঢ়ক :তিনিচুকীয়াত ডেংগু-মেলেৰিয়াৰ আগতীয়া সতৰ্কতা অভিযান - Assam dengue cases
লগতে পঢ়ক :জলবায়ু পৰিৱৰ্তনে মেলেৰিয়াক কেনেদৰে প্ৰভাৱিত কৰিছে জানো আহক.... - malaria day 2024
Last Updated : Aug 1, 2024, 11:58 AM IST

ABOUT THE AUTHOR

...view details