বাঢ়নী পানী চাবলৈ লৈ উভতিল নাবালকৰ নিথৰদেহ - Dead Body Found
Published : Jun 22, 2024, 10:44 PM IST
বঙাইগাঁও, ২২ জুন: জিলাৰ মাণিকপুৰৰ নোৱাগাঁৱত পোকালাগী নৈত শনিবাৰে বাঢ়নী পানী চাবলৈ গৈ এটি ১১ বছৰীয়া নাবালিকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় ৷ মৃত নাবালকটি ৰাহুল পাটগিৰি বুলি জানিব পৰা হৈছে ৷ ৰাহুলে দুই সমনীয়া লগত বাঢ়নী পানী চাবলৈ গৈ নৈত গা ধুই থাকোতেই হঠাৎ সন্ধানহীন হয় ৷
স্থানীয় লোকে এই কথা জানিব পাৰি লগে লগে নৈত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ প্ৰায় দুই ঘন্টাজোৰা উদ্ধাৰ অভিযানৰ অন্তত ৰাহুল পাটগিৰিক উদ্ধাৰ কৰা হয় ৷ তেওঁক ততাতৈয়াকৈ মাণিকপুৰ আদৰ্শ মহাত্মা গান্ধী চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
উল্লেখ্য যে, নাবালকটিক উদ্ধাৰৰ বাবে এছ ডি আৰ এফক খবৰ দিয়া হয় যদিও ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত নহ’ল । ইফালে ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক: ৰঙিয়াৰ কৰ্টাখাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ - Dead Body Found