অসম

assam

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 12:41 PM IST

ETV Bharat / videos

টীয়কত সন্ধানহীন ম'হ গোৱালৰ মৃতদেহ উদ্ধাৰ - Deadbody recovered

টীয়ক, ৯ জুন: অৱশেষত উদ্ধাৰ হ'ল শনিবাৰৰে পৰা সন্ধানহীন হৈ থকা ম'হ গোৱালৰ মৃতদেহ । শনিবাৰে সন্ধিয়া সময়ত চাংমাইগড় অঞ্চলত ম'হৰ জাক নদী পাৰ কৰোতে হঠাৎ এজন ম'হৰ গোৱাল নদীৰত ডুব যায় । লগে লগে অঞ্চলটোৰ ৰাইজে সন্ধিয়া বিচাৰ-খোচাৰ কৰি বিফল হোৱাত খবৰ দিয়ে SDRF বাহিনীক । SDRF বাহিনী উপস্থিত হৈ ব্যক্তিজনৰ সন্ধান কৰে যদিও নিশাৰ আন্ধাৰত পানীত পৰা ব্যক্তিজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ।

দেওবাৰে পুনৰ পুৱাৰে পৰা স্থানীয় ৰাইজ আৰু SDRF বাহিনীয়ে অনুসন্ধান চলাই আৰু অঞ্চলটোৰ উত্তম দাস নামৰ এজন উদীয়মান যুৱকে ঘটনা সংঘটিত হোৱা স্থানৰ কিছু নিলগত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃত ব্যক্তিগৰাকীৰ নাম প্ৰদীপ হাজৰিকা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । কমাৰখাটোৱালৰ প্ৰদীপ হাজৰিকাৰ চাংমাইগড়ত ম'হৰ খুটি আছিল । ইতিমধ্যে টীয়ক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে । 

লগতে পঢ়ক: লাহোৱালৰ চেঁচা নৈত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Deadbody Recovered

মৰিয়নীত বস্তাত ভৰাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ - Deadbody Recovered

একেদিনাই চাৰিটি কণমানিৰ সলিল সমাধি : মৰিয়নীত কান্দোনৰ ৰোল - Drowning Death in Jorhat

ABOUT THE AUTHOR

...view details