অসম

assam

ETV Bharat / videos

মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত ক'লা দিৱস পালন - Black Day Observe By BJP - BLACK DAY OBSERVE BY BJP

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:20 PM IST

মৰিগাঁও,২৬ জুন: সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলা বিজেপিৰ কাৰ্যলয়তো বুধবাৰে পালন কৰা হয় ক'লা দিৱস । মঙল আৰু বুধবাৰে দুদিনীয়াকৈ এই ক'লা দিৱস পালন কৰি মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধি আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে কয় যে ১৯৭৫ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ২৫ আৰু ২৬ জুনত ভাৰতীয় জনতা পাৰ্টিৰ মহান নেতাসকলৰ ওপৰত যি অন্যায়, অবিচাৰে শাস্তি প্ৰদান কৰি কাললৈ কু-কৃৰ্তি ৰাখি থ'লে তাৰ বিৰোধিতাৰে সমগ্ৰ দেশৰ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্ম-কৰ্তাসকলে এই ক'লা দিৱস উদযাপন কৰি বিজেপিৰ মহান নেতাসকলৰ আদৰ্শক স্মৰণ কৰে ।  

ইয়াৰ সমান্তৰালভাৱে লোকসভাৰ অধ্যক্ষ নিৰ্বাচনত দলীয় আদৰ্শৰে সাংসদসকলে তেওঁলোকৰ দায়িত্ব পালন কৰাৰ বাবে মৰিগাঁও জিলা সমিতিয়ে ধন্যবাদ জনায় । মঙলবাৰে পালন কৰা এই কাৰ্যসূচীত জিলাখনৰ বিষয়ববীয়াৰ লগতে ব্লক, মণ্ডলৰ সভাপতি, সম্পাদকসকলে অংশগ্ৰহণ কৰে । এই সন্দৰ্ভত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে সংবাদমেল সম্বোধন কৰি কয় যে ১৯৭৫ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছিল । ইয়াৰ প্ৰতিবাদত বিজেপি দলৰ নেতা-কৰ্মী, সাংবাদিক, বুদ্ধিজীবী যিসকলে সেইখিনি সময়ৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল সকলোকে অবৰ্ণনীয় অত্যাচাৰ‌ চলোৱা হৈছিল । ইয়াৰ পিচতে ১৯৮০ চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত পালন কৰা হয় এই ক'লা দিৱস । 

লগতে পঢ়ক: শিৱসাগৰত বিজেপিয়ে পালন কৰিলে ক’লা দিৱস - Black Day Observe By BJP

জৰুৰীকালীন অৱস্থাৰ ৪৯ বছৰ : বিজেপিৰ ক’লা দিৱস পালন - Black day observe by BJP

ABOUT THE AUTHOR

...view details