কংগ্ৰেছ-জাতীয় পৰিষদক তীব্ৰ সমালোচনা কৰি ডিব্ৰুগড় বিজেপিৰ সংবাদমেল - lok sabha elections - LOK SABHA ELECTIONS
Published : Mar 22, 2024, 10:24 PM IST
ডিব্ৰুগড়, 22 মাৰ্চ : ৰাজ্যত বলিছে নিৰ্ৱাচনী গৰম বতাহ । আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত, ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় লোকসভাৰ তত্বাৱধায়ক তথা মন্ত্ৰী বিমল বড়া আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰৰ উপস্থিতিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল অনুষ্ঠিত হয় ।
সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী বিমল বড়াই । "কংগ্ৰেছৰ লগত লগ লাগি নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলে যি ভণ্ড জাতীয়তাবাদ কৰিছে এইটো অলিক কল্পনা আৰু দুঃস্বপ্নৰ বাহিৰে একো নহয় । অসমখনক আগুৱাই নিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ ৷" আনহাতে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই কয়, ‘ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ সমৰ্থনত যি জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ সৰ্বানন্দ সোণোৱালক ব্যক্তিগতভাৱে আক্ৰমণ কৰি কিছুমান মন্তব্য কৰিছে । যিবিলাক শব্দ কৈ আক্ৰমণ কৰিছে সেই শব্দ বাক্যক লৈ আমাৰ আপত্তি আছে । অমাৰ্জিত কথা বতৰাৰে ৰাজনৈতিক পৰিৱেশ কলুষিত হওক আমি বিচৰা নাই ।’ সংবাদমেলৰ পৰাই তেওঁলোকে ডিব্ৰুগড় লোকসভা সমষ্টিত ৰাজনৈতিক পৰিৱেশ কলুষিত নকৰিবলৈ সকীয়নি প্ৰদান কৰিলে বিৰোধী ৰাজনৈতিক দলসমূহক ।
লগতে পঢ়ক : বিধায়কক সাংসদ বনাই ৰাইজে আৰু উপ-নিৰ্বাচন নিবিচাৰে: দুলু আহমেদ - LOK SABHA ELECTIONS