মোদী আৰু মামাৰ সন্মুখত কোনো তিষ্ঠিব নোৱাৰে: বিজেপি প্ৰাৰ্থী সুৰেশ বৰা - nagaon lok sabha constituency
Published : Mar 8, 2024, 8:15 PM IST
নগাঁও, ৮ মাৰ্চ : নগাঁৱত কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ চিন্তা কৰিছে । দিবনে নিদিয়ে তাৰো ঠিক নাই । গৌৰৱ গগৈ নাইবা প্ৰদ্যুৎ বৰদলৈ যাকেই নিদিয়ক, মোদী আৰু মামাৰ আগত কিনো তিষ্ঠিব নোৱাৰে । লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি নহওঁতেই এনেদৰে কংগ্ৰেছক আক্ৰমণ কৰি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই । শুকুৰবাৰে শিৱৰাত্ৰিৰ দিনাও বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৰহা সমষ্টিত ১২টা স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় । সুৰেশ বৰাই ৰহা সমষ্টিৰ মাহৰিআটী, মণিপুৰটুপ, আলিকুছি, বাৰপূজীয়া, ৰহা চহৰ, দীঘলীআটি, কাকতিগাঁও আদি ১২ ঠাইত এই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ভোটাৰ ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰে । বিজেপি প্ৰাৰ্থীগৰাকীয়ে কেইবাটাও শিৱ মন্দিৰতো উপস্থিত হৈ শিৱবাবাৰ আশীৰ্বাদ লয় । ইপিনে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতো প্ৰচাৰ চলাই সুৰেশ বৰাই সংখ্যালঘুৰ বাবে বিজেপি চৰকাৰে বিভিন্ন কাম কৰা বুলি মন্তব্য কৰে । লগতে কয় যে সংখ্যালঘু ভোটাৰ এতিয়া মামামুখী হৈ পৰিছে । ইপিনে বিজেপি প্ৰাৰ্থীগৰাকীৰ লগত কেইবাটাও শিৱ মন্দিৰত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসকো দেখা যায় ।
লগতে পঢ়ক :১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী