অসম

assam

ETV Bharat / videos

ৰঙিয়াত একেদিনাই আৰম্ভ দুখনকৈ উৰণসেতু নিৰ্মাণৰ কাম - Bhumi pujan in Rangia

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 2:21 PM IST

ৰঙিয়া, 5 আগষ্ট: ৰঙিয়াত একেদিনাই দুখনকৈ উৰণসেতু নিৰ্মাণৰ কামৰ শুভাৰম্ভ । উৰণসেতু দুখনৰ শিলান্যাস আৰু তথা কামৰ শুভ উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৰঙিয়া এন টি ৰোডৰ পৰা SK14 আৰু কলেজ গেটত থকা SK12 ত নিৰ্মাণ হ’ব এই দুখন উৰণসেতু ৷ 

আজি ভূমি পূজনেৰে আৰম্ভ হোৱা উৰণসেতু দুখনৰ বাবে আৱণ্টন কৰা হৈছে 60 কোটি টকা ৷ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা উৰণসেতু দুখনৰ কাম আঢ়ৈ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি কলিতাই জনায় । উৰণ সেঁতু দুখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে ৰঙিয়া ৰাইজৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লোকসকলেও কম সময়ৰ ভিতৰত যাতায়ত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে সভাপতি ভৱেশ কলিতাই । 

এই অনুষ্ঠানত বিধায়ক ভৱেশ কলিতাৰ লগতে পৌৰপতি অমৰেন্দ্ৰ লহকৰ, ৰে’ল বিভাগৰ কেবাজনো শীৰ্ষ বিষয়া, লোক নিৰ্মাণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: উৰণসেতু নিৰ্মাণত যমৰ-যাতনা মহানাগৰিকৰ : যাতায়াতকাৰীৰ বাবে মৰণফান্দ চানমাৰি-নুনমাটি পথ - Dighali Pukhuri Noonmati fly over

উৰণ সেতু নিৰ্মাণৰ আঁৰত মুখ্যমন্ত্ৰীৰ আছে ঘৰুৱা এজেণ্ডা- পুনৰ গৌৰৱ গগৈৰ চোকা আক্ৰমণ

ABOUT THE AUTHOR

...view details