অসম

assam

ETV Bharat / videos

শিশু-চেমনীয়াৰ দ্বাৰা অশ্বকৰ্ণ জংঘাসুৰ বধ প্ৰদৰ্শন

By ETV Bharat Entertainment Team

Published : 12 hours ago

কলিয়াবৰ: কলিয়াবৰৰ ঐতিহাসিক শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ নামঘৰৰ দ্বি-বাৰ্ষিক গুৰু আসন প্ৰতিষ্ঠা দিৱস উপলক্ষে সত্ৰৰ শিশু-চেমনীয়া অভিনীত ভাওনাই উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে শনিবাৰৰ নিশা । দিনজোৰা কাৰ্যসূচীৰ শেষৰ কাৰ্যসূচী ৰূপে এই নাটত অভিনয় কৰে বহুকেইজন ন-শিকাৰুৱে । ঐতিহ্যমণ্ডিত কলিয়াবৰত গুৰুজনাৰ অংকীয়া নাটৰ আৰ্হিতে ব্ৰজাৱলী ভাষাত গুৰুদুজনাৰ পৰৱৰ্তীকালৰ গুৰু-আতাপুৰুষসকলৰ লগতে সত্ৰাধিকাৰ তথা গুৰু দুজনাৰ অনুগামীসকলে নাট ৰচনাৰ এক গৌৰৱময় ঐতিহ্য আছিল ।  

কলিয়াবৰত গুৰুকৃত অংকীয়া নাটৰ উপৰি স্থানীয় নাট্যকাৰ প্ৰণীত অংকীয়া শৈলীৰ নাটসমূহো ভিন্ন অনুষ্ঠানত প্ৰদৰ্শিত হৈ আহিছে । পশ্চিমীয়া সংস্কৃতিৰ আগ্ৰাসনৰ ফলত আজিৰ প্ৰজন্মই আমাৰ থলুৱা সংস্কৃতি বিশেষকৈ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ-প্ৰসাৰত আৰু চৰ্চাৰ শ্ৰীশ্ৰীবৰভকতি সত্ৰৰ এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে ।

কণ-কণ শিশুসকলে সাৱলীলভাৱে কৰা নাটখনিত সুন্দৰ অভিনয়ৰে ৰাইজক আপ্লুত কৰে ।কলিয়াবৰৰ বৰভকতি গাঁৱৰ লগতে দাঁতি-কাষৰীয়া শিশু-চেমনীয়াই অভিনয় কৰে 'অশ্বকৰ্ণ জংঘাসুৰ বধ' নামৰ অংকীয়া শৈলীৰ নাটখনিত ।

লগতে পঢ়ক: শ্ৰীশ্ৰীমাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে কলিয়াবৰত 'পিতা-পুত্ৰৰ যুদ্ধ' প্ৰদৰ্শন - Bhaona in Kaliabor

গুৰুজনাৰ জন্ম তিথিত কলিয়াবৰত দ্ৰৌপদীৰ সয়ম্বৰ

ABOUT THE AUTHOR

...view details