অসম

assam

ETV Bharat / videos

বিহালীত মূল যুঁজ কংগ্ৰেছ-বিজেপিৰ মাজত হোৱাৰ সম্ভাৱনা

By ETV Bharat Assamese Team

Published : 4 hours ago

বিশ্বনাথ : অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় বিজেপি, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চি পি আই (এম এল) দল । এইবাৰ বিহালীত তিনিকোণীয়া যুঁজ হ'ব যদিও মূল যুঁজখন কংগ্ৰেছ-বিজেপিৰ মাজতে হোৱাৰ সম্ভৱনা আছে ।

ইফালে বহু অপক্ষাৰ অন্তত কংগ্ৰেছে বিহালীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে জয়ন্ত বৰাক । বিজেপিৰ প্ৰাৰ্থী হৈছে দিগন্ত ঘাটোৱাৰ । এইবাৰ সমষ্টিটোৰ উপ-নিৰ্বাচনত ১৫৪ টা ভোটকেন্দ্ৰত ১,৩২,৫৭৯ গৰাকী ভোটাৰে ভোটদান কৰিব ।

ইফালে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাই বিহালী সমষ্টিৰ আশীৰ্বাদ বিচাৰি কয়, "দীৰ্ঘদিন ধৰি বিহালীবাসীৰ দাবী আছিল জয়ন্ত বৰাই দলীয়ভাৱে নিৰ্বাচন খেলিব লাগে । অৱশেষত বিহালীবাসীৰ সেই সপোন পূৰণ হ'ল ।"

জয়ন্ত বৰাই বিহালীৰ ৰাইজৰ আশীৰ্বাদ বিচৰাৰ লগতে সহযোগিতা কামনা কৰে । তেওঁ এই নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজ হ'ব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক :নাটকৰ যৱনিকা; বিহালীত কংগ্ৰেছে দিলে বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক প্ৰাৰ্থিত্ব
লগতে পঢ়ক :বিৰোধী ঐক্যৰ সদস্য নহয় তাঞ্জিল হুছেইন

ABOUT THE AUTHOR

...view details