অসম

assam

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 8:08 PM IST

ETV Bharat / videos

কলগাছিয়াত বেকীৰ খহনীয়া পৰিদৰ্শন অতিৰিক্ত জিলা আয়ুক্তৰ

জনীয়া, ৭ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবড়ীত খৰালিৰ সময়তো বেকী নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰি শ শ ৰাইজৰ ভেটি মাটি উচন কৰিছে । লগতে বৃহত্তৰ মইনবড়ী অঞ্চলৰ প্ৰায় ৪০ খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম তাৰাকান্দিলৈ যোৱা পথটো গৰাখহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে । 

ইতিমধ্যে খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি শ শ পৰিয়ালৰ ভেঁটি-মাটি, পকী ঘৰ- দুৱাৰ, ৰাস্তা-ঘাট আদি নৈৰ বুকুত জাহ যোৱাত সৰ্বসাধাৰণ ৰাইজে সৰ্বস্ব হেৰুৱাই আতংকিত হৈ পৰিছে । ইমান দিনে জিলা প্ৰশাসনে চকুমুদা কুলিৰ ভাও ধৰি আছিল যদিও সম্প্ৰতি সংবাদমাধ্যমত খহনীয়াৰ বাতৰি প্ৰকাশৰ পিছতেহে গা-লৰিল জিলা প্ৰশাসনৰ ।  

আজি বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত খনিন্দ্ৰ কুমাৰ দাস আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমিয়াই মইনবড়ীৰ গৰাখহনীয়াগ্ৰস্ত গড়কাপ্তানি পথৰ দুৰৱস্থা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । বিগত সময়ত কেইবাখনো শিক্ষানুষ্ঠান, মছজিদ, মাদ্ৰাছা, মন্দিৰ আদি বিধ্বস্ত হোৱাৰ উপৰি পকী ৰাস্তা আৰু বিদ্যুতৰ খুটা ভাঙি পৰাত বিদ্যুত সেৱা আৰু যাতায়ত ব্যৱস্থা ব্যহত হোৱাত আজি প্ৰশাসনে ৰাস্তাটোত 'ৰোড ক্লজ' ফলক আঁৰি দিছে ।

এইক্ষেত্ৰত খহনীয়াগ্ৰস্ত পৰিয়ালক খহনীয়াৰ প্ৰমাণ প্ৰত্ৰ আৰু সাহায্য় প্ৰদান কৰাৰ লগতে বিজ্ঞান সন্মতভাৱে খহনীয়া প্ৰতিৰোধ কৰিবলৈ অতিৰিক্ত আয়ুক্ত গৰাকীৰ ওচৰত ৰাইজে দাবী জনাইছে । সদ্যহতে ৰাস্তাটো ৰক্ষা কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অতিৰিক্ত আয়ুক্ত গৰাকীয়ে আশ্বাস প্ৰদান কৰিছে । 

লগতে পঢ়ক:Erosion In Jania: মইনবড়িত মুছলমানে আশ্ৰয় দিছে খহনীয়াগ্রস্ত হিন্দু পৰিয়ালক

ABOUT THE AUTHOR

...view details