জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আটাছুৰ মটৰ চাইকেল সমদল
Published : Feb 21, 2024, 6:58 AM IST
লখিমপুৰ, 21 ফেব্ৰুৱাৰী: পুনৰ জনজাতিকৰণৰ দাবীত মঙলবাৰে আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰে । মঙলবাৰে লখিমপুৰ জিলাৰ মাজমজিয়াত আটাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কেইবা শতাধিক আটাছু কৰ্মীয়ে কঁপাই তোলে জিলাখনৰ আকাশ-বতাহ ৷
জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আটাছুয়ে জিলাখনত মটৰ চাইকেল সমদল কৰে । ন' এছ টি ন' ৰেষ্ট, উই ৱান্ট জাষ্টিচ আদি শ্লোগান দি আটাছুৱে নগৰৰ মাজেৰে মটৰ চাইকেল সমদল কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কেৱল কাম কৰিম বুলি চৰকাৰখনে প্ৰচাৰ হে চলায় বুলি কয় সংগঠনটোৰ নেতৃত্বই ।
আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত চৰকাৰে উচিত সিদ্ধান্ত গ্ৰহণ নকৰিলে আটাছুৱে চৰকাৰৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰতিবাদকাৰীসকলে চৰকাৰখনক কঠোৰভাৱে সকীয়াই দিয়ে । এই প্ৰতিবাদী সমদল কাৰ্যসূচীত আটাছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক মৃদুল কোঁৱৰ, লখিমপুৰ জিলা সমিতিৰ সভাপতি নোমল চেতিয়া, কাৰ্যকৰী সভাপতি ধ্ৰুৱব্ৰত গগৈ, যুটীয়া সম্পাদকদ্বয় ৰমেন গগৈ, প্ৰাণজিৎ বৰুৱা আদিয়ে অংশগ্রহণ কৰে ।
লগতে পঢ়ক: আহোমসকলক জনগোষ্ঠীকৰণৰ দাবীত আটাছুৰ বাইক ৰেলী