অসম

assam

ETV Bharat / videos

ৰাজনীতি এৰি ঘৰত বহি থাকিম: ভোট দিয়েই কিয় ক'লে ৰকিবুল হুছেইনে ?

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 1:48 PM IST

নগাঁও : ৰাজ্য পাঁচ বিধানসভা সমষ্টিৰ লগতে চামগুৰি বিধানসভা সমষ্টিতো পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ । চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে সাংসদ পিতৃ ৰকিবুল হুছেইন আৰু মাতৃ নাজৰিন হুছেইনৰ সৈতে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ । চামগুৰিৰ লৰিৰমুখৰ কড়ৈগুৰি মজলীয়া বিদ্যালয় ভোটদান কেন্দ্ৰত পুত্ৰ-পত্নীক লগত লৈ ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰ একালৰ বন্ধু তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সাংসদ ৰকিবুল হুছেইন ।

ভোট গ্ৰহণৰ প্ৰাক-নিশাও ৰকিবুল হুছেইনৰ বাসগৃহত আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰকিবুল হুছেইনৰ । মুখ্যমন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণৰ কথাও উল্লেখ ৰকিবুল হুছেইনৰ । মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰো অভিযোগ ৰকিবুল হুছেইনৰ ।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ৰাজনীতি এৰি ঘৰত বহি থকাৰ কথাও উল্লেখ কৰে ৰকিবুল হুছেইনে । ইফালে বিজেপিৰ বিৰুদ্ধে বহুকেইটা মন্তব্য কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ । তাঞ্জিল হুছেইনক এগৰাকী প্ৰাৰ্থী হিচাপে আশীৰ্বাদ প্ৰদানৰ কথা উল্লেখ মাতৃ নাজৰিন হুছেইনৰ ।

লগতে পঢ়ক :আজি পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন; ইভিএমত বন্দী হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
লগতে পঢ়ক :ধলাইত ভোটগ্ৰহণ অব্যাহত: বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ নাম নাই ভোটাৰ তালিকাত !

ABOUT THE AUTHOR

...view details