অসম

assam

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:16 PM IST

ETV Bharat / videos

কৃত্ৰিম বানত ডুবিল টিহু; চৰকাৰী কাৰ্যালয়ত একাঁঠু পানী - Assam flood 2024

নলবাৰী,১৪ জুন : এজাক বৰষুণৰ পিচতে নলবাৰী জিলাৰ টিহু নগৰত অভাৱনীয় পৰিৱেশ । কৃত্ৰিম বানত ডুব গ'ল টিহুৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয় । টিহুৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় আৰু উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ চৌহদত একাঁঠু পৰ্যন্ত পানী । কৰ্মচাৰী আৰু সাধাৰণ ৰাইজে পানী গচকিয়ে কাৰ্যালয়লৈ যাবলগা হৈছে । কাৰ্যালয়ৰ ভিতৰতো সোমাইছে পানী । যোৱা নিশাৰে পৰা নেৰানেপেৰা বৰষুণৰ পিচতে এনে পৰিৱেশ দেখা গৈছে টিহুত ।

এনে পৰিস্থিতিত কাৰ্যালয় দুটাৰ কৰ্মচাৰী আৰু ৰাইজৰ মাজক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কদৰ্যময় পৰিৱেশৰ মাজতে কৰ্ম সম্পাদন কৰিছে কৰ্মচাৰীসকলে । ৰাইজ তথা কৰ্মচাৰীসকলে অভিযোগ কৰা মতে যোৱা কেইবাবছৰ ধৰি তেওঁলোকে এনে পৰিৱেশৰ সন্মুখীন হৈ আহিছে । কাৰ্যালয়ৰ চৌহদ দ হোৱাৰ বাবেই এজাক বৰষুণ দিলেই এনে পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক :নিৰ্মাণৰ এবছৰ নৌহওঁতেই কপিলীৰ কোটিটকীয়া শৈলবান্ধত প্ৰৱল খহনীয়া - Erosion of Kapili River

ABOUT THE AUTHOR

...view details