অভিভাৱকক কামুৰিলে অংগনৱাড়ী কেন্দ্ৰৰ সহায়িকাই ! - ANGANWADI CENTRE INCIDENT - ANGANWADI CENTRE INCIDENT
Published : Aug 8, 2024, 7:40 PM IST
মাণিকপুৰ,৮ আগষ্ট : বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা । সন্তানক বহিবলৈ ঠাই দিবলৈ কোৱাৰ বাবেই অভিভাৱকক হাতত কামুৰিলে অংগৱাড়ী কেন্দ্ৰৰ সহায়িকাই ! এই ঘটনাক লৈ তীব্ৰ উত্তেজনা বিদ্যালয়ত । এই ঘটনাটো সংঘটিত হৈছে অভয়াপুৰীৰ ৫৪ নং ৰৌমাৰী হীৰাপাৰা অংগনৱাড়ী কেন্দ্ৰত । কেন্দ্ৰটোৰ সহায়িকাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কৰিছে এগৰাকী অভিভাৱকে । টাপাট্টাৰী আই চি ডি এচৰ অন্তৰ্গত কেন্দ্ৰটোৰ সহায়িকাগৰাকীয়ে অভিভাৱকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ কৰে । অভিযোগ অনুসৰি অভিভাৱকগৰাকীয়ে সন্তানক লৈ আহিছিল আৰু বহিবলৈ ঠাই দিবলৈ কৈছিল । তেতিয়াই সহায়িকাগৰাকীয়ে অভিভাৱকক গালি-গালাজ কৰে আৰু শাৰীৰিকভাৱে অপদস্থ কৰে । এই ঘটনাত অভিভাৱকগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে অভয়াপুৰী থানাত এখন এজাহাৰ দাখিল কৰিছে ।