বোকাখাতত শক্তি বিতৰণ কোম্পানীৰ কৰ্মচাৰীৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ - Allegation against APDCL
Published : Mar 4, 2024, 10:55 PM IST
গোলাঘাট, ৪ মাৰ্চ: বোকাখাত পাণবাৰী নিগমত নিৰ্মিয়মাণ গাহৰি প্ৰজনন কেন্দ্ৰত কোনো ধৰণৰ জাননী নিদিয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীয়ে উঠাই আনিলে বহু সামগ্ৰী । ৰাজ্যৰ পশুপালন বিভাগৰ অধীনত বোকাখাত লোকনিৰ্মাণ বিভাগৰ গৃহ সংমণ্ডলৰ তত্বাৱধনত চলি থকা নিৰ্মাণস্থলীৰ পৰা দাবী-ধমকিৰে ২ লাখ টকা মূল্যৰ মেচিন আৰু সা-সামগ্ৰী অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৰ্মচাৰীয়ে উঠাই অনাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ঠিকাদাৰে । ইমানেই নহয়, নিৰ্মাণকাৰ্যত ব্যস্ত থকা বিভাগীয় ঠিকাদাৰজনক ১ লাখ টকা দাবী কৰি মেনেজ কৰাৰ প্ৰস্তাৱ দিলে শক্তি বিভাগৰ কৰ্মচাৰীৰ দলটোৱে ।
শক্তি বিভাগৰ কৰ্মচাৰীয়ে দাবী কৰা ধন নিদিয়া বাবে প্ৰতিষ্ঠানটোৰ সকলো সামগ্ৰী জব্দ কৰি লৈ যোৱাৰ অভিযোগ উঠিছে । গুৰুত্বপূৰ্ণ কথা এই যে শক্তি বিভাগৰ কৰ্মচাৰীয়ে সমগ্ৰ সমুহ জব্দ কৰাৰ পাছত প্ৰতিষ্ঠানটোৰ কোনো কৰ্মচাৰীৰ পৰা চহী নকৰালে । উক্ত ঘটনাৰ পিছত এই বিষয়ে জানিব বিচৰাত এক প্ৰকাৰ গা-এৰা ভাষ্য প্ৰদান কৰে বোকাখাতৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়াই । ইতিমধ্য়ে এই সম্পৰ্কে ভুক্তভোগীয়ে এক গোচৰ ৰুজু কৰাত আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
লগতে পঢ়ক:ডিব্ৰুগড়ৰ চাহ বাগিচাত জ্বলিল বিজেপিৰ সভাপতি-মুখ্যমন্ত্রীৰ পুত্তলিকা