অসম

assam

ETV Bharat / videos

জনজাতিকৰণৰ দাবীত কলিয়াবৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - ST demand - ST DEMAND

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 3:44 PM IST

কলিয়াবৰ,২ ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ আৰম্ভ হৈছে । অসমৰ আদিবাসীসকলক জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীত কলিয়াবৰত সদৌ আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে । কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সোমবাৰে সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে অসমত বসবাস কৰা প্ৰতিটো আদিবাসী জনগোষ্ঠীক জনজাতিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ দাবী জনায় ।

লগতে আদিবাসীসকলক ভূমি পট্টা প্ৰদানৰো দাবী জনাই সংগঠনটোৱে । মিছন বসুন্ধৰাৰ জৰিয়তে চাহ শ্ৰমিকসকলক শীঘ্ৰে ভূমিৰ পট্টা প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰে । ইফালে প্ৰতিবাদৰ অন্তত কলিয়াবৰৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক :আৰক্ষীৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ চাহ-আদিবাসী, চৰকাৰক নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিবলৈ সাজু - Tea tribe union protest

ABOUT THE AUTHOR

...view details