অসম

assam

ETV Bharat / videos

যোৰহাটত গৌৰৱ গগৈৰ জয় হোৱাটো নিশ্চিত : অখিল গগৈ - lok sabha elections - LOK SABHA ELECTIONS

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:25 PM IST

ডিব্ৰুগড়, 23 মাৰ্চ : যোৰহাটত গৌৰৱ গগৈৰ জয় হোৱাটো নিশ্চিত, গৌৰৱ গগৈৰ কাৰণে ঢৌ আহিছে । ডিব্ৰুগড় লোকসভা সমষ্টিত শনিবাৰে প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি এই মন্তব্য বিধায়ক অখিল গগৈৰ । ‘যোৰহাট লোকসভা সমষ্টিত আৰম্ভ হোৱা ঢৌ ডিব্ৰুগড় লোকসভাতো আৰম্ভ হ’ব । ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈ জিকাৰ পাচতে বিজেপিয়ে উজনিৰ যিমান লোকচান কৰিছে তাক নাইকিয়া কৰিব পাৰিম ।’

আনহাতে বিৰোধী মিত্ৰজোঁটে লখিমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব দিব নোৱৰাক লৈ অখিল গগৈয়ে মন্তব্য কৰে । ‘লখিমপুৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী থাকিব । সেই সিদ্ধান্ত কংগ্ৰেছে ল’ব । তাকে লৈ বিজেপিৰ ইমান চটফটনি কিয় । যদি কংগ্ৰেছে প্ৰাৰ্থী দিব নোৱাৰে লাভ বিজেপিৰে হ'ব । সেয়ে বিজেপিয়ে ইমান চটফটাই থাকিব নালাগে । যুঁজখনৰ পিচত বিজেপিয়ে ইয়াক লৈ দপদপাই থাকক । এতিয়াই এনেকুৱা কৰিলে পানী নথকা পুখুৰীত মাছে দপদপোৱাৰ দৰে হ'ব । নিৰ্বাচনলৈ এতিয়াও বহুত সময় আছে ৷’- এই মন্তব্য অখিল গগৈৰ ৷

লগতে পঢ়ক : দিল্লী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত মচগুল হৈ থাকে সৰ্বানন্দ সোণোৱাল: অখিল গগৈ - Akhil Gogoi Slams Sonowal

ABOUT THE AUTHOR

...view details