অসম

assam

ETV Bharat / videos

উভালি পৰিল এজোপা ২০০ বছৰীয়া গছ : টিহুৰ বণিয়াকুছিত কান্দোনৰ ৰোল - Tree uprooted in Nalbari

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 10:37 PM IST

নলবাৰী,৯ জুলাই: নলবাৰী জিলাৰ টিহুৰ এটা অঞ্চলৰ ৰাইজৰ চকুত চকুলো । হুকহুকাই কান্দি উঠিল গাঁওখনৰ মহিলাসকল । সোমবাৰে নিশা টিহুৰ নতুন বণিয়াকুছিত এজোপা ২০০ বছৰীয়া পুৰণি আঁহত গছৰ এটা অংশ নিজেই উভালি পৰাত দুখত ভাগি পৰে গাঁওখনৰ লোকসকল । প্ৰায় ২০০ বছৰ পুৰণি গছডালৰ সৈতে গাঁওখনৰ আছিল এক আত্মিক সম্পৰ্ক । গছডালৰ তলতেই আছিল কেইবাটাও ঐতিহাসিক মন্দিৰ । গছডালৰ এটা অংশ উভালি পৰাৰ পিচতেই গছডালৰ তলতেই থকা এটা মন্দিৰৰো বিস্তৰ ক্ষতিসাধন হয় । ইতিমধ্যে মন্দিৰগৃহটো বেয়াকৈ ক্ষতিসাধন হোৱাত স্থানীয় নামতি দলৰ লগতে আই-মাতৃ তথা ৰাইজ কান্দোনত ভাগি পৰে ।  

উল্লেখযোগ্য যে নতুন বণিয়াকুছিত গছজোপাৰ তলতেই বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰো আয়োজন কৰা হৈছিল । গছজোপা এনেদৰে আকস্মিকভাৱে উভালি পৰাত এতিয়া দুখত ভাগি পৰিছে গাঁওবাসী । উল্লেখযোগ্য যে, ২০০ বছৰ পুৰণি প্ৰকাণ্ড গছডালৰ তলতে ভাৰতৰ স্বাধীনতা আন্দোলন, অসম আন্দোলনৰ সময়ত সংগ্ৰামৰ বিষয়ে আলোচনা হৈছিল বুলি উক্ত অঞ্চলৰ জ্যেষ্ঠসকলে উল্লেখ কৰে । বৰ্তমানেও গছডালৰ তলত বহিয়েই বৃদ্ধ ককাই সাধু শুনাইছিল কণ কণ ল'ৰা-ছোৱালীসকলক । বহু স্মৃতি বিজড়িত টিহুৰ নতুন বণিয়াকুছিৰ এই গছডাল নিশা গোপীনাথ মন্দিৰৰ ওপৰত বাগৰি পৰাত কান্দোনৰ ৰোল উঠে গাঁওখনত । 

লগতে পঢ়ক: গছ উভালি পৰাত আৱদ্ধ হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথ - National Highway Stuck

ABOUT THE AUTHOR

...view details