মুখাৰ উদ্যোগত নৱম বাৰ্ষিক বিষ্ণু জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ - Theatre Group Mukha Barpeta - THEATRE GROUP MUKHA BARPETA
By ETV Bharat Entertainment Team
Published : Aug 17, 2024, 9:24 PM IST
বৰপেটা, 17 আগষ্ট : বৰপেটাৰ অপেচাদাৰী নাট্যদল "মুখা" বৰপেটাৰ উদ্যোগত নৱম বাৰ্ষিক বিষ্ণু জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হৈছে । ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিমৰ সহযোগত তিনিদিনীয়াকৈ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে "মুখা" বৰপেটাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহৰ । 16/17/18 আগষ্টত তিনিখন ভিন্ন ধৰণৰ নাট মঞ্চস্থ কৰিব ছিকিম ৰাষ্ট্ৰীয় নাট বিদ্যালয়ৰ কলা-কুশলীসকলে । 16 আগষ্টত নিবেদন কৰে "সুৰুযমুখী এণ্ড হেমলেট"। 17 আৰু 18 আগষ্টত নিবেদন কৰিব ক্ৰমে "চফেদ লকীৰ" আৰু "শংখৰ"।
প্ৰতিবছৰে মুখা বৰপেটাই ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰি আহিছে । এইবেলিও ৰাষ্ট্ৰীয় নাট সমাৰোহৰ আয়োজন কৰি বাহিৰৰ নাট্য দলৰ দ্বাৰা পৰিবেশিত উন্নত নাট বৰপেটাৰ নাট্যপ্ৰেমী ৰাইজক উপহাৰ দিবলৈ প্ৰয়াস কৰিছে । "মুখা" বৰপেটাই আয়োজন কৰা নৱম বাৰ্ষিক বিষ্ণু জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহখন উৎসৰ্গিত কৰা হৈছে বৰপেটাৰ সামাজিক-সাংস্কৃতিক কৰ্মী প্ৰয়াত অধৰ গায়নৰ নামত । নাট সমাৰোহখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ।
লগতে পঢ়ক : অসমীয়া ছবিলৈ ৫ টাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ: জুৰীৰ বিশেষ সন্মান আজুৰিলে আইমী বৰুৱাই - National Film Awards 2022