মাজুলীত খাদ্যত বিষক্ৰিয়া : শিশুসহ চিকিৎসাধীন 8 - Food poisoning in Majuli - FOOD POISONING IN MAJULI
Published : Aug 11, 2024, 11:33 AM IST
মাজুলী, 11 আগষ্ট: মাজুলীত সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়া হোৱাৰ ঘটনা । এই বিষক্ৰিয়াৰ ফলত এজন শিশুসহ 8 জনকৈ লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । নামনি মাজুলীৰ মিছামৰাত সংঘটিত হৈছে এই ঘটনা ।
ভুক্তভোগী লোকসকলে জানিবলৈ দিয়া অনুসৰি, বজাৰৰ পৰা অনা বুট-মগু খাই এই বিষক্ৰিয়া সংঘটিত হৈছে । স্থানীয় বজাৰৰ পৰা এই বুট-মগুখিনি অনা হৈছিল বুলি ভুক্তভোগীৰ আত্মীয়ই জনায় ৷ বুট-মগু আৰু মিচৰ খোৱাৰ পিচতে লোকসকল শাৰীৰিক অসুস্থতাত ভোগে আৰু বমি, শৌচ কৰিবলৈ ধৰে । বমি, শৌচৰ সমান্তৰালভাবে ভুক্তভোগীকেইজনৰ শৰীৰৰ উত্তাপো বৃদ্ধি হয় ৷
ইয়াৰ পাচতে পৰিয়ালৰ লোকে ততাতৈয়াকৈ ভুক্তভোগীসকলক মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছে বুলি জানিবলৈ দিয়ে । বৰ্তমানেও ভুক্তভোগী লোককেইজন চিকিৎসালয়তে আছে ৷