ওদালগুৰিতো উদযাপন 75 সংখ্যক গণৰাজ্য দিৱস - গণৰাজ্য দিৱস
Published : Jan 26, 2024, 9:03 PM IST
ওদালগুৰি, 26 জানুৱাৰী: শুকুৰবাৰে সমগ্ৰ দেশে উদযাপন কৰিলে 75 সংখ্যক গণৰাজ্য দিৱস ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো গণৰাজ্য দিৱস উদযাপন কৰা হয় ।
ওদালগুৰিৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান একত্ৰিত হৈ প্ৰতিবছৰে উদযাপন কৰি আহিছে গণৰাজ্য দিৱস ৷ এইবেলিও ওদালগুৰিত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় গণৰাজ্য দিৱস ৷ পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাই বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ।
উক্ত অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰে । ইয়াৰোপৰি সাংস্কৃতিক দলসমূহে নৃত্য-গীত পৰিৱেশন কৰে । সাংবাদিকৰে হোৱা বাৰ্তালাপত গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে জাতিৰ পিতা মহাত্মী গান্ধীৰ লগতে স্বাধীনতা সংগ্ৰামীসকলক সোঁৱৰণ কৰে ৷ ইয়াৰোপৰি তেওঁ গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ৷