অসম

assam

ETV Bharat / videos

ৰ’দ-বৰষুণক আওকাণ কৰি কাজিৰক্ষাৰ সুৰক্ষাত নিজকে সমৰ্পণ মহিলা বনকৰ্মীৰ - Kaziranga National Park - KAZIRANGA NATIONAL PARK

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:08 PM IST

কলিয়াবৰ, 15 জুন: ‘‘আমি ৰ’দতো ডিউটী কৰিম, বৰষুণতো ডিউটী কৰিমেই ৷ এই আমাৰ দায়িত্ব ৷ জীৱ-জন্তু ৰক্ষা কৰিবলৈ আহিছোঁ যেতিয়া কৰিমেই ৷’’- এই মন্তব্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত এগৰাকী মহিলা বনকৰ্মীৰ ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে ৩৫ গৰাকী মহিলা বনকৰ্মী ৷ এক ধনাত্মক চিন্তাৰে কৰ্তব্যৰত হৈ আছে মহিলা বনকৰ্মীসকল ৷ সেয়ে ৰ’দ-বৰষুণৰ চিন্তাৰ পৰা দূৰত থাকি এই বনকৰ্মীসকল সদাসষ্টম হৈ আছে  ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ পৰা বন্য জীৱ-জন্তুক সুৰক্ষা দিবলৈ ভিতৰে-বাহিৰে পিট-পিটাই ফুৰিছে মহিলা বনকৰ্মীসকল ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলতো ৰ’দ-বৰষুণ একাকাৰ কৰি বন্য জীৱ-জন্তু সুৰক্ষা দিয়াত ব্যস্ত থকা মহিলা বনকৰ্মীসকলে সংবাদ মাধ্যমৰ সন্মুখত ক’লে কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ থকা দায়িত্ববোধৰ কথা ৷ ক’লে প্ৰকৃতিক সুৰক্ষা দিয়াৰ কথা ৷

লগতে পঢ়ক: কাজিৰঙাৰ বনদুৰ্গাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

ABOUT THE AUTHOR

...view details