অসম

assam

ETV Bharat / videos

গুৱাহাটী মহানগৰীত ৬ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা অৰুণাচলী মহিলাৰ

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ কালাপাহাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী মহিলাই ৬ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছে বুলি লাভ কৰা হৈছে তথ্য । কালাপাহাৰৰ পোহৰ নামৰ গেষ্টহাউছত মঙলবাৰে সংঘটিত হৈছে এই ঘটনা ।

ঘটনা সংঘটিত হোৱাৰ পাচতে তাৎক্ষণিকভাৱে মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত (GMCH) । পূৰ্বতকৈ মহিলাগৰাকীৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "আত্মহত্যাৰ চেষ্টা কৰি মহিলাগৰাকীয়ে ছয় মহলীয়া অট্টালিকাৰ পৰা জাঁপ দিছিল । তাৰ পাচতে আমাৰ ইয়াত ICU ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান মহিলাগৰাকী সংকটমুক্ত । সকলো ঠিক থাকিলে শীঘ্ৰে হাস্পতালৰ পৰা তেওঁ যাবলৈ দিয়া হ'ব ।"

উল্লেখ্য যে, মহিলাগৰাকী স্বামীৰ চিকিৎসাৰ বাবে প্ৰায় এমাহ পূৰ্বে গুৱাহাটীলৈ আহিছিল ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক : আবৰ্ত ভৱনৰ কোঠাত উদ্ধাৰ আৰক্ষী জোৱানৰ মৃতদেহ

ABOUT THE AUTHOR

...view details