নিউজ ডেস্ক, 17 অক্টোবৰ:আজি ভাৰতীয় মোবাইল কংগ্ৰেছত Xiaomi-এ মুকলি কৰিলে নতুন বাজেট 5G স্মাৰ্টফোন । কোম্পানীটোৰ শেহতীয়া ফোন Redmi A4 5G হৈছে Qualcomm প্ৰযুক্তিৰে প্ৰৱৰ্তন কৰা হৈছে । কোম্পানীটোৱে এই ফোনত ব্যৱহাৰ কৰিছে শক্তিশালী Snapdragon 4s Gen 2 প্ৰচেছৰ । লগতে, এই প্ৰচেছৰৰ সৈতে অহা ভাৰতৰ এইটোৱেই প্ৰথম স্মাৰ্টফোন । ভাৰতৰ এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ বাবে এইটো এটা ফ্লেগশ্বিপ ফোন। বিশেষকৈ 5G কানেক্টিভিটি এই ফোনটোৰ এক শক্তিশালী বৈশিষ্ট্য । স্নেপড্ৰেগন 4s Gen 2 মোবাইলৰ সৈতে লঞ্চ হোৱা ভাৰতৰ প্ৰথমটো ফোন Redmi A4 5G।
কোৱালকম টেকন’লজিৰ ব্যৱহাৰ: Xiaomi কোম্পানীয়ে কয় যে তেওঁলোকে এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ জৰিয়তে ভাৰতত 5G ক আৰু অধিক উন্নত কৰাৰ মনস্থ কৰিছে । অহা দশকত কোম্পানীটোৱে 70 কোটি স্মাৰ্টফোন বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে । Xiaomi আৰু কোৱালকম টেকন’লজিছে হাত মিলাই ভাৰতৰ লাখ লাখ গ্ৰাহকলৈ গিগাবিটৰ দ্ৰুত সংযোগ কঢ়িয়াই আনিছে । কোৱালকম ইণ্ডিয়াৰ জ্যেষ্ঠ উপ-সভাপতি তথা সভানেত্ৰী সবি ছ’ইনে কয়, 5G ৰ সুবিধা ভাৰতৰ বিকাশৰ বাবে এক মূল কাৰক হ’ব । স্নেপড্ৰেগন 4S GEN 2 ডিজাইন কৰা হৈছিল যাতে গ্ৰাহকে 5G সংযোগৰ সুবিধা ল’ব পাৰে । অধিক গ্ৰাহকৰ বাবে সুলভ মূল্যৰ 5G ডিভাইচ আনিবলৈ পাই উৎফুল্লিত হৈছে Xiaomi।
Redmi A4 5G প্ৰচেছৰ: Snapdragon 4s Gen 2 চিপে Snapdragon 4 Gen 2 ৰ দৰে একেটা 4nm প্ৰচেছিং ন'ড ব্যৱহাৰ কৰে । ই 90fps FHD+ ডিছপ্লে সমৰ্থন কৰে । ইয়াত ডুৱেল 12-বিট আইএছপি কেমেৰা সমৰ্থন আছে, গিগাবিট 5G সংযোগৰ বাবে এটা শক্তিশালী মডেম । এই ফোনটোৱে NAVIC ৰ সৈতে ডুৱেল ফ্ৰিকুৱেন্সি GNSS (L1 + L5) সমৰ্থন কৰে ।