অসম

assam

পৰিয়ালৰ মহিলা সদস্যৰ নিৰাপত্তাক লৈ আপুনিও চিন্তিত নেকি : এতিয়াই ইনষ্টল কৰক এইকেইটা এপ - Women Safety APPs

By ETV Bharat Tech Team

Published : Aug 25, 2024, 7:54 PM IST

Women Safety APPs in India: দেশজুৰি বৃদ্ধি হৈ অহা হত্যা-ধৰ্ষণৰ ঘটনাৰ বাবে বাহিৰত কৰ্মৰত আপোনাৰ ঘৰৰ নাৰীগৰাকীৰ সুৰক্ষাৰ বাবেও আপুনি চিন্তিত নেকি ? তেন্তে পঢ়ক এই প্ৰতিবেদন আৰু তালিকাত উল্লেখিত এপৰ সহায় লওঁক ৷ কাৰণ এই এপবোৰ ফোনত থাকিলে আপোনাৰ পৰিয়ালৰ মহিলা সদস্যগৰাকী য’লৈকে নাযাওঁক কিয় নিৰাপত্তা প্ৰদান কৰিব---

Women safety and security
পৰিয়ালৰ মহিলা সদস্যৰ নিৰাপত্তাক লৈ আপুনিও চিন্তিত নেকি : এতিয়াই ইনষ্টল কৰক এইকেইটা এপ (ETV Bharat)

নেশ্যনেল ডেস্ক, 25 আগষ্ট:বৰ্তমানৰ নাৰী কেবল ঘৰত আৱদ্ধ নহয়, ঘৰৰ সমান্তৰালভাৱে আজিৰ নাৰী ঘৰৰ বাহিৰতো ব্যস্ত । বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে জড়িত আজিৰ নাৰীয়ে প্ৰয়োজনত নিশা পৰ্যন্ত ঘৰৰ বাহিৰত থাকিব লগা হয় ৷ বৰ্তমান হত্যা-হিংসাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি হৈ অহা সময়ত নিশা বাহিৰত থকাটো নাৰীসকলৰ বাবে মুঠেই নিৰাপদ নহয় ৷ এই সময়তে মহিলাৰ সুৰক্ষাৰ কথা চিন্তা কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে একাংশ এপ ৷ এই এপসমূহ ফোনত থাকিলে এগৰাকী নাৰী য’তেই নাথাকক কিয় সুৰক্ষিত হৈ থাকিব বুলি বিশেষজ্ঞসকলে দাবী কৰিছে ৷

সংকটৰ সময়ত মহিলাসকলক সহায় কৰা এই এপসমূহ হ’ল

1. 112 এপ: এই এপটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰস্তুত কৰিছে । এই এপৰ জৰিয়তে মহিলাসকলে জৰুৰীকালীন পৰিস্থিতিত সুৰক্ষা লাভ কৰিব পাৰিব । জৰুৰীকালীন অৱস্থাত এই এপটোৱে সমীপৰ আৰক্ষী থানাখনৰ স্থান নিৰ্ণয় কৰি আৰক্ষীক তথ্য প্ৰদান কৰে । ইয়াৰ দ্বাৰা আৰক্ষী এ তৎক্ষণাত সহায় আগবঢ়াব ।

2. অন্ধ্ৰ প্ৰদেশ আৰক্ষী সেৱা এপ: এই এপৰ সহায়ত জৰুৰীকালীন অৱস্থাত অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰে । এই এপটোৰ জৰিয়তে আপোনাৰ পৰা সংকেত পোৱাৰ লগে লগে সমীপৰ আৰক্ষী থানাৰ আৰক্ষী তৎক্ষণাত আপোনাৰ কাষত থিয় দিব ।

3. হক আই এপ: এই হক আই অ্যাপ তেলেংগানা আৰক্ষীৰ সহায়ত প্ৰস্তুত কৰি উলিওৱা হৈছে । সংকটৰ সময়তো নাৰীক এই এপে সুৰক্ষা প্ৰদান কৰিব । জৰুৰীকালীন অৱস্থাত আপোনাৰ সবিশেষ SOS বুটাম টিপি দিয়াৰ পাচতে ওচৰৰ আৰক্ষী থানা, ACP, DCP এ পাব। অৱগত হোৱাৰ পাচতে আৰক্ষীয়ে সমস্যাৰ সন্মুখীন হোৱা নাৰীগৰাকীক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ।

4. ৰক্ষা এপ: এই এপটো যদি মোবাইলত ইনষ্টল কৰা হয় তেন্তে নাৰীসকলে নিৰাপত্তা অনুভৱ কৰিব পাৰিব । কাৰণ এটা বুটাম টিপিলেই স্থানকে ধৰি সকলো সবিশেষ এই এপটোৰ দ্বাৰা পূৰ্বনিৰ্বাচিত যোগাযোগৰ লোকসকলে জানিব । ইন্টাৰনেট নাথাকিলেও ভলিউম বুটামটো 3 বাৰ টিপিলে নিৰ্বাচিত যোগাযোগসমূহে সবিশেষ লাভ কৰিব ।

5. বি-চেভ এপ: ফোন কলত কথা পতাৰ ভাও ধৰাৰ বাবে এই এপটো উপযোগী । ইয়াৰ উপৰিও ইয়াত ভুৱা কল কৰিব পৰা ফিচাৰ আছে যাতে জৰুৰীকালীন অৱস্থাত কল কৰাৰ অভিনয় কৰি বিপদৰ পৰা হাত সাৰিব পৰা যায় । ইয়াৰ উপৰিও মোবাইল উলিয়াব নোৱাৰা পৰিস্থিতিত ভইচ কমাণ্ডৰ জৰিয়তেও এই এপটোক নিৰ্দেশ প্ৰদান কৰিব পাৰি । এই এপটোৱে আপোনাৰ ওচৰৰ লোকসকলক স্থান, অডিঅ’ আৰু ভিডিঅ’ৰ দৰে সবিশেষ কেইছেকেণ্ডমানৰ ভিতৰতে প্ৰদান কৰে ।

6. চেফটিপিন এপ: এই সুৰক্ষা পিন এপটোৱে আপোনাক সুৰক্ষিত হৈ থকাত সহায় কৰে । ই বিপদজনক অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত এটা জাননী প্ৰেৰণ কৰে । ৰাজহুৱা পৰিবহণ, ৰাজহুৱা স্থান, নিৰাপত্তা, পোহৰজনিত সবিশেষ প্ৰদান কৰে ।

7. চিল্লা এপ: এই এপটোৱে আপোনাক কোনোৱে হঠাতে আক্ৰমণ কৰিলে লগে লগে ধৰা পেলাব । ই আপোনাৰ মাত চিনি পায় আৰু লগে লগে সঁহাৰি দিয়ে আৰু আপোনাৰ আপোনজনক এটা সতৰ্ক বাৰ্তা প্ৰদান কৰে । লগতে, যদি আপুনি পাৱাৰ বুটামটো 5 বাৰ টিপে, আপোনাৰ অৱস্থানকে ধৰি সকলো বিৱৰণ পৰিয়ালৰ সদস্যই লাভ কৰিব ।

8. স্মাৰ্ট 24x7 এপ: এই এপটোৱে জৰুৰীকালীন অৱস্থাত অডিঅ’, ভিডিঅ’, ফটো ৰেকৰ্ড কৰি প্ৰেৰণ কৰে । জৰুৰীকালীন বুটাম টিপিলে আপোনাৰ সকলো বিৱৰণ পূৰ্বনিৰ্বাচিত আপোনাৰ চিনাকি লোকসকললৈ প্ৰেৰণ হ'ব ।

লগতে পঢ়ক:কেৱল ৰাজপথতে নহয় ডিজিটেল জগততো সুৰক্ষা গুৰুত্বপূৰ্ণ; এনেদৰে সুৰক্ষিত ৰাখক নিজকে

বৰ্তমান সমাজত কিমান সুৰক্ষিত মহিলা ? - Women safety and security

নাৰীৰ সুৰক্ষা বাবে কি কি পদক্ষেপ লৈছে বিজেপি চৰকাৰে ? তথ্য বিচাৰিছে কংগ্ৰেছে - Women Safety in Assam

ABOUT THE AUTHOR

...view details